বিহপুৰীয়া আৰক্ষী থানাৰ সন্মুখতে শিৱ মন্দিৰত লুট পাত চলালে চোৰে

বিহপুৰীয়া আৰক্ষী থানাৰ সন্মুখতে শিৱ মন্দিৰত লুট পাত চলালে চোৰে
Published on
Updated on

ডিজিটেল সংবাদ,বিহপুৰীয়া : বিহপুৰীয়া আৰক্ষীৰ চৰম নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি বিহপুৰীয়া নগৰৰ লগতে কাষৰীয়া গাওঁসমূহত চোৰে সন্ত্ৰাস অব্যাহত ৰাখিছে ৷ গ্ৰাম্যাঞ্চলত চোৰে গৰু চুৰি কৰি সন্ত্ৰাস চলোৱাৰ বিপৰীতে নগৰাঞ্চলত মন্দিৰ আৰু দোকান পোহাৰত লুট পাত চলাই তীব্ৰ আতংকৰ সৃষ্টি কৰিছে ৷

বৃহস্পতিবাৰে নিশা বিহপুৰীয়া আৰক্ষীৰ নাকৰ তলতে চোৰে লুটপাত চলাই খোদ আৰক্ষীৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াই আনিছে । বিহপুৰীয়া আৰক্ষী থানাৰ পৰা প্ৰায় ১৫ মিটাৰ দূৰত্বত অৰ্থাৎ থানাৰ সন্মুখতে থকা নগৰ শিৱ মন্দিৰৰ গ্ৰীলৰ তলা ভাঙি দান পাত্ৰৰ পৰা নগদ ধন আৰু অন্যান্য সামগ্ৰী লুটি নিয়া ঘটনাই আৰক্ষীৰ দুৰ্বলতাৰ ছবি উদঙাই দিছে ৷

ইপিনে আজি পুৱা মন্দিৰৰ পূজাৰীয়ে আৰক্ষী থানাত খবৰ দিয়াৰ পাছতো চুৰিকাণ্ডৰ তদন্ত কৰিবলৈ ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰা আৰক্ষীয়ে ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাৰ পাছতহে উপস্থিত হয় ৷ এই ঘটনাক মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি দুৰ্গেশ্বৰ কলিতা আৰু সম্পাদক মন্তোছ মজুমদাৰে গৰিহণা দিয়াৰ লগতে আৰক্ষী প্ৰশাসনক শীঘ্ৰে চোৰক কৰায়ত্ত কৰিবৰ বাবে দাবী জনাইছে ৷

উল্লেখযোগ্য যে বিহপুৰীয়া আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি থানাৰ চৌহদতে এনেদৰে চোৰে লুট পাত অব্যাহত ৰখাত নগৰ খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

বিহপুৰীয়া আৰক্ষী থানাৰ সন্মুখতে শিৱ মন্দিৰত লুট পাত চলালে চোৰে
চাদ্দাম চোৰৰ কাণ্ড দেখি আৰক্ষী আচৰিতঃ ভাৰতৰ পৰা বাংলাদেশলৈ গোপনে খান্দিলে সুৰংগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in