দুই মুখ্যমন্ত্ৰীৰ সপোনক তিনি ঠিকাদাৰৰ চেঁচা পানী ঢলাৰ অভিযোগ...

ঢকুৱাখনা আৰু নদীদ্বীপ মাজুলীবাসীৰ এটা ৰঙীন সপোনকলৈ খেলা হেতালিয়ে দৰাচলতে এখন ব্যয়বহুল চৰকাৰী আচঁনিলৈ আনি দিছে গভীৰ অনিশ্চিয়তা । কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰোপণ কৰিছিল এই সেন্দুৰীয়া সপোনৰ বীজ

author-image
Asomiya Pratidin
New Update
দুই মুখ্যমন্ত্ৰীৰ সপোনক তিনি ঠিকাদাৰৰ চেঁচা পানী ঢলাৰ অভিযোগ...

আৱন্তন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা আৰু নদীদ্বীপ মাজুলীবাসীৰ এটা ৰঙীন সপোনকলৈ খেলা হেতালিয়ে দৰাচলতে এখন ব্যয়বহুল চৰকাৰী আচঁনিলৈ আনি দিছে গভীৰ অনিশ্চিয়তা । কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰোপণ কৰিছিল এই সেন্দুৰীয়া সপোনৰ বীজ ।

সত্ৰনগৰী মাজুলীক বিশ্ব পৰ্যটনৰ কেন্দ্ৰ বিন্দু হোৱাত সহায়ক হোৱাকৈ ঢকুৱাখনা, মাজুলীক বৰ্হিজগতেৰে এক বিকল্প চমু পথেৰে সংযুক্ত কৰাৰ আঁচনি লৈছিল তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক হৈ থকা অৱস্থাতে এই আঁচনি গ্ৰহণ কৰি বগীবিল দলংৰ সমীপৰ দিজমুৰৰ পৰা মাজুলী পৰ্যন্ত সমগ্ৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ মথাউৰীটো অভিজ্ঞ অভিযন্তাৰ জৰিয়তে জৰীপ কৰাইছিল তদানীন্তন মুখ্যমন্ত্ৰী সোণোৱালে । 

তেওঁৰ কাৰ্যকালতেই প্ৰায় ৪৬' ৮৬ কিলোমিটাৰ দৈৰ্ঘৰ জোনাই, ধেমাজি আৰু ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰীতো "পথ বনাম মথাউৰী" হিচাবে পকী মথাউৰী নিৰ্মাণৰ বাবে সকলো প্ৰাৰম্ভিক কাম সম্পূৰ্ণ কৰিছিল ।

মথাউৰী
মথাউৰী

পৰৱৰ্তী সময়ত এই মথাউৰীটোলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নাবাৰ্ডৰ আৰ আই ডি এফ শিতানৰ মুঠ ৭২ কোটি ৩২ লাখ টকা আৱন্তন দি লোকনিৰ্মান বিভাগৰ ৪টা প্ৰতিষ্ঠানক আঁচনি ৰূপায়নৰ কামৰ দায়িত্ব দিছিল ।

সেই অনুক্ৰমে জোনাই সংমণ্ডলৰ অন্তৰ্গত সোনাৰী গাঁওৰ পৰা দিজমুৰ পৰ্যন্ত মুঠ ১৩'০৬ কিলোমিটাৰ পথৰ বিপৰীতে মুঠ ৩ কোটি ৭৯ লাখ ২৮ হাজাৰ টকা আৱন্তন দি নন্দীগিৰি ভূঞাক , ধেমাজি জলসম্পদ সংমণ্ডলৰ  অন্তৰ্গত আমগুৰি-লোটাচুৰৰ পৰা চিচি কলঘৰ পৰ্যন্ত প্ৰায় ৭'৪৫ কিলোমিটাৰৰ বিপৰীতে ১৭ কোটি ৩২লাখ ৪৮হাজাৰ টকা আৱন্তন কৰি সঞ্জীৱ বৰুৱাক দিয়া হৈছিল ।

চিচি কলঘৰৰ পৰা দেউৰীঘাট পৰ্যন্ত প্ৰায় ৭'৩০ কিলোমিটাৰ দৈৰ্ঘৰ পথৰ বিপৰীতে প্ৰায় ১৮ কোটি ৬৮ লাখ আৱন্তন দি চানউইন এনাৰ্জী এণ্ড ইনফ্রা প্ৰাইভেট লিমিটেডক আৰু টেকেলিফুটাৰ পৰা লোটাচুৰ পৰ্যন্ত প্ৰায় ১৯ '০৫ কিলোমিটাৰ পথৰ বিপৰীতে ৪৩ কোটি ৯১ লাখ টকা আৱন্তন দি পূৰ্বাঞ্চল চাপ্লাই এণ্ড কনট্ৰেক্টৰ নামৰ প্ৰতিষ্ঠানক কামৰ নিৰ্দেশ দিছিল।

বিভাগীয় ভাৱে যোৱা ২০২২ বর্ষৰ এপ্ৰিল ,মে মাহত কামৰ  "ৱৰ্ক অৰ্ডাৰ" লাভ কৰাৰ পাছত ঠিকাদাৰী গোষ্ঠী সমূহে কাম আৰম্ভ কৰিছিল।  পূৰ্বৰ মথাউৰীতো প্ৰায় ৭'৫ মিটাৰ বহলকৈ মাটিৰে সৱলীকৰণ কৰি পৃষ্ঠভাগৰ ৫'৫ মিটাৰ কাৰ্পেটিং কৰিবলগীয়া এই পকী পথৰ সিংহভাগ  নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ হোৱাকলৈ এক গভীৰ অনিশ্চয়তা আহি পৰিছে ।

এই ক্ষেত্ৰত জোনাই আৰু ধেমাজি ক্ষেত্ৰীয় লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু শাখা বিষয়া সকলৰ অমনোযোগীতা আৰু ঠিকাদাৰৰ দায়িত্বহীন আচৰণ প্ৰধান কাৰক হিচাপে ৰাইজে বিবেচনা কৰিছে৷ বৰ্তমানলৈ প্ৰায় ৪০ৰ পৰা ৬০  শতাংশ মানহে সম্পন্ন হৈছে ।

এই তিনি অংশত  বিগত প্ৰায় এটা বছৰত দুগৰাকী মুখ্যমন্ত্ৰীৰ সপোনৰ আঁচনিখন ৰূপায়ণৰ বেলিকা ঠিকাদাৰী প্ৰতিষ্ঠান সমূহে প্রদর্শন কৰা চৰম বেপৰোৱা নীতি আৰু লোকনিৰ্মান বিভাগে গ্ৰহন কৰা দায়িত্বহীন আচৰনে আঁচনিখনলৈ আনি দিছে গভীৰ অনিশ্চয়তা ।

সুদীর্ঘ দিন আধৰুৱা কৈ নিৰ্মাণ কৰি মাহ মাহ ধৰি পেলাই ৰখা এই সুদীর্ঘ অৰ্ধনির্মিত পথৰ  বিভিন্ন অংশত সৃষ্ট "ৰেইনকাট"ৰ ফলত উদ্ভৱ হোৱা বিপদ সংকুল আৰু জৰাজীৰ্ণ অৱস্থা, ৰদত ধূলি বৰষুণত পংকময় খলা বমা অৱস্থাৰ বাবে পথচাৰী সকল যাতায়ত কৰাত সন্মুখীন হৈ আহিছে জটিল পৰিস্থিতিৰ । ইয়াৰ

বিপৰীতে ঢকুৱাখনা সমষ্টি আৰু ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান বিভাগৰ অন্তৰ্গত লোটাচুৰৰ পৰা টেকেলিফুটা পৰ্যন্ত প্ৰায় ১৯'০৫ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম ইতিমধ্যে অতি সন্তোষজনক ভাবে আগবাঢ়িছে ।

এই পথৰ সমগ্ৰ অংশ কাৰ্পেটিংৰ কাম ইতিপূৰ্বে  সম্পূৰ্ণ ভাবে শেষ কৰি আঁচনিখনৰ ৯০ শতাংশ কামৰ সম্পূৰ্ণ কৰি উল্লেখনীয় অগ্ৰগতি প্ৰদান কৰিছে "পূৰ্বাঞ্চল চাপ্লাই এণ্ড কনট্ৰেক্টৰ কোম্পানী"য়ে । এই ১৯'০৫ কিলোমিটাৰ অংশৰ পথছোৱাৰ "ড্ৰেইন" আৰু" গাৰ্ড সংস্থাপন"ৰ কিছু অংশ কামহে কেৱল বাকী আছে আৰু আৰু চলিত এপ্ৰিল মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰা হব বুলি বিভাগৰ শীর্ষ সূত্ৰই জনাইছে ।

উল্লেখ্য যে অতি গধুৰ মালবাহী যান বাহন চলাচল নিষিদ্ধ কৰি এই সমগ্ৰ পথৰ বিভিন্ন অংশত "গেট" দিব বুলিও বিভাগীয় সূত্ৰই জনালে । 

নদীদ্বীপ মাজুলীৰ সদৰৰ পৰা  ডিব্ৰুগড়ৰ বগীবিল দলং সংযোগকাৰী  এই অতি চমু, যান-যঁত বিহীন আৰু মিত্যব্যয়ী পথ হিচাবে বিবেচিত এই পথৰ ক্ষীপ্ৰ নিৰ্মাণৰ বেলিকা ধেমাজি জিলাৰ সংশ্লিষ্ট বিভাগ আৰু  একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানে গ্ৰহণ কৰা বেপৰোৱা ভূমিকাই বাস্তৱিকতে কেন্দ্ৰীয় মন্ত্ৰী, তদানীন্তন মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনমুখী পদক্ষেপত চেঁচা পানী ঢালিছে ।

তিনিখন জিলাৰ তিনিটা সমষ্টিৰ জনস্বাৰ্থ জড়িত থকা এই বিশেষ পথ নিৰ্মাণ আঁচনিকলৈ কি সাহসত এনেবোৰ প্ৰতিষ্ঠানে  লৰা ধেমালি খেলি আহিছে সেয়া  সৰ্বসাধাৰণ ৰাইজৰ অজ্ঞাত ।

কিন্তু এইক্ষেত্ৰত ধেমাজি জিলাৰ উপায়ুক্ত, লোকনিৰ্মাণ পথ বিভাগৰ কাৰ্যবাহী অভিযন্তা, ধেমাজিৰ বিধায়ক, মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ কলাঘুমটিক প্ৰধান ভাবে জগৰীয়া কৰিছে ঢকুৱাখনা মাজুলীবাসী ভুক্তভোগী নাগৰিকে ।

এখন অভিলাসী আঁচনিকলৈ এনেবোৰ পক্ষই গ্ৰহণ কৰি অহা উদাসীন আচৰণক লেকাম লগাব পাৰিবনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেয়াই এই সময়ত সৰ্বাধিক গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাবে ধৰা দিছে ধেমাজি, ঢকুৱাখনা আৰু মাজুলীবাসীৰ মনত ।

Also Read: দেও পাহাৰত দুৰ্ঘটনা : পথৰ কাষক দ-খাৱৈত বাগৰি পৰিল তৈল পৰিবাহী টেংকাৰ...

মথাউৰী আৱন্তন