লৃগাংত বন্ধ বিতৰ্ক সন্দৰ্ভত গোগামুখত মিচিং জাতীয় সংগঠনৰ যৌথ সংবাদমেল...

লৃগাংত বন্ধ বিতৰ্ক সন্দৰ্ভত গোগামুখত মিচিং জাতীয় সংগঠনৰ যৌথ সংবাদমেল...
লৃগাংত বন্ধ বিতৰ্ক সন্দৰ্ভত গোগামুখত মিচিং জাতীয় সংগঠনৰ যৌথ সংবাদমেল...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: অসমৰ দ্বিতীয় সৰ্ববৃহৎ ভৈয়াম জনগোষ্ঠী মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আ:য়ে লৃগাং। এই জাতীয় লোক উৎসৱৰ দিনটোক ৰাজ্যিক বন্ধ ঘোষণাক লৈ সৃষ্ট বিতৰ্কৰ সন্দৰ্ভত দেওবাৰে গোগামুখত অনুষ্ঠিত কৰা হয় এক সংবাদমেল।

জনগোষ্ঠীটোৰ জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাং ,মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ উদ্যোগত ছাত্ৰ সংগঠনটোৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই সংবাদমেল। মিচিং জনগোষ্ঠীটোৰ জাতীয় সংগঠনসমূহৰ কেন্দ্ৰীয় নেতৃবৰ্গই সম্বোধিত কৰে এই সংবাদমেল।

প্ৰধানতঃ ৰাজ্য চৰকাৰে মিচিং লোক উৎসৱ আলি আ:য়ে লৃগাংত ৰাজ্যখনৰ ১০ খন জিলাত চৰকাৰী বন্ধ সীমিত ৰখাকলৈ সৃষ্ট বিতৰ্ক সন্দৰ্ভত কেন্দ্ৰীয় সমিতিসমূহে সংবাদমেল সম্বোধন কৰি নিজৰ স্থিতি স্পষ্ট কৰে। সংবাদ মেলত অংশগ্ৰহণ কৰি টি এম পি কেৰ সভাপতি তিলক দলে, সাধাৰণ সম্পাদক চান পাংগিং, এম এম কেৰ সভাপতি সুনীল কুমাৰ পেগু, সাধাৰণ সম্পাদক পুৰুষোত্তম দলে, টি এম এম কেৰ সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং আদিয়ে ৰাজ্যখনৰ ১০ খন জিলাত চৰকাৰী বন্ধ আৰু অন্যান্য জিলাত বসবাস কৰা মিচিং জনগোষ্ঠীৰ বাবে সীমিত বন্ধ দিয়া ঘোষণাক আদৰণি জনাই ।

সমান্তৰালভাৱে অনাগত সময়ত সংগঠন কেইটাৰ ১৪ দফীয়া দাবী চনদৰ অন্যতম দাবী ৰাজ্যিক বন্ধ ঘোষণাৰ বাবে জোৰদাৰ সংগ্ৰামী তৎপৰতা অব্যাহত থাকিব বুলি স্পষ্ট কৰি অন্যথাই আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। এই লোক উৎসৱৰ সৈতে মিচিং ৰাইজৰ জাতীয় আবেগ অনুভূতি নিৰ্হিত হৈ থকা বুলি কৈ এই সন্দৰ্ভত গণভিত্তি নথকা , জাতীয় অভাৱ সমস্যা আৰু সাংবিধানিক অধিকাৰ প্ৰাপ্তিৰ সন্দৰ্ভত কোনোদিনে মাত নমতা এক দুষ্ট ৰাজনৈতিক আশীৰ্বাদপুষ্ট অশুভ চক্ৰই মিচিং সমাজক বিপথে পৰিচালিত কৰি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে এম এম কেৰ সম্পাদক পুৰুষোত্তম দলেয়ে ।

এই সন্দৰ্ভত সামাজিক মাধ্যমত অপপ্ৰচাৰ আৰু সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আন্দোলন কৰি অহা "হঠাৎ দেশভক্ত" হোৱা চক্ৰটোক এনে অপপ্ৰচাৰত লিপ্ত নহ'বলৈ, শান্ত সমাহিত মিচিং ৰাইজক উত্তেজিত নকৰিবলৈ এম এম কেৰ সভাপতি পুৰুষোত্তম দলেয়ে সকীয়াই দিয়ে । সংবাদমেলত ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ সম্পাদক নিৰ্মল পায়েংৰ উচতনিমূলক আৰু মতলবি অপপ্ৰচাৰত সোচ্চাৰ হৈ জাতীয় সংগঠনসমূহে সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিতভাৱে ৰাজনৈতিক ইছ্যু সৃষ্টি কৰি ৰাজনৈতিক মুনাফা অর্জন কৰাই নিৰ্মল পায়েঙৰ মূল উদ্দেশ্য বুলি মন্তব্য কৰে টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলেয়ে ।

এম এম কেৰ সম্পাদক পুৰুষোত্তম দলেয়ে কেৱল ৰাজ্যিক বন্ধ সম্পৰ্কতেই নহয় জনগোষ্ঠীটোৰ নাৰ্য প্ৰাপ্য অধিকাৰ সংবিধানৰ ষষ্ঠ অনুসূচী সম্পৰ্কতো সংগ্ৰামত নমাৰ দাবী জনায় এনেবোৰ তথাকথিত হঠাৎ "জাতিপ্ৰেমী" হোৱা নেতাক। সংগঠনৰ নেতা গৰাকীয়ে অনাগত সময়ত পূৰ্বে জিলা উপায়ুক্তসকলৰ সদিচ্ছাৰ ওপৰতে লৃগাংৰ স্থানীয় বন্ধ নিৰ্ভৰ কৰিছিল বুলি কৈ জাতীয় সংগঠনসমূহৰ নিৰন্তৰ সংগ্ৰাম আৰু ত্যাগৰ পৰিণতিত এতিয়া বন্ধ লাভ কৰিছে আৰু অনাগত সময়ত এই বন্ধক সমগ্ৰ অসমতে সাৰ্বজনীন ৰূপ দিবলৈ ৰাজ্য চৰকাৰৰ সৈতে শীঘ্ৰে আলোচনাত মিলিত হ'ব বুলি সংগঠন তিনিটাই স্পষ্ট কৰি দিয়ে ।

প্ৰতি মুহূৰ্ততে মিচিং সমাজৰ উন্নয়নৰ পক্ষত, মিচিং জনগোষ্ঠীৰ সুস্থ গণতান্ত্ৰিক প্ৰগতিশীল সমাজ গঠনত পক্ষত জাগ্ৰত প্ৰহৰীৰ দৰে জাতীয় সংগঠন সমূহে সেৱা আগবঢ়াই আছে আৰু থাকিব বুলি স্পষ্ট স্থিতি দোহাৰী একাংশ স্বার্থন্ধ অপশক্তিৰ মতলবী প্ৰৰোচনাক প্ৰশ্ৰয় নিদিবলৈ জাতীয় সংগঠন কেইটাই আহ্বান জনাই নৃগোষ্ঠীয় ৰাইজ আৰু সংগঠনক।

লৃগাংত বন্ধ বিতৰ্ক সন্দৰ্ভত গোগামুখত মিচিং জাতীয় সংগঠনৰ যৌথ সংবাদমেল...
তিনি দিনীয়াকৈ বৰদলনি মাইছা চাপৰি গাঁৱত ৰাস মহোৎসৱঃ সোণালী জয়ন্তী উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in