লখিমপুৰত লোমহৰ্ষক কাণ্ড : পত্নীহন্তা স্বামীয়ে ল’লে চৰমপন্থা

লখিমপুৰ জিলাৰ বৰবছাত সংঘটিত এই লোমহৰ্ষক ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ অঞ্চল
লখিমপুৰত লোমহৰ্ষক কাণ্ড : পত্নীহন্তা স্বামীয়ে ল’লে চৰমপন্থা
Published on
Updated on

ডিজিটেল ডেস্ক : লখিমপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী আৰক্ষী কনিষ্টবলে পত্নীক হত্যা কৰি বাচি ল’লে চৰমপন্থা।

লখিমপুৰ জিলাৰ বৰবছাত সংঘটিত এই লোমহৰ্ষক ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ অঞ্চল। অভিযোগ অনুসৰি পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে আৰক্ষী কনিষ্টবল বসন্ত শইকীয়া নামৰ লোকজনে সংঘটিত কৰিছে এই কাণ্ড। নিজ সন্তানক বাহিৰত ৰাখি ঘৰৰ ভিতৰত তলা মাৰি পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। পত্নীক হত্যা কৰাৰ পাছতে স্বামী বসন্ত শইকীয়াই ঘৰৰ চৌপাশতে থকা পানীৰ টেংকিত আত্মহননৰ পথ বাচি লয়।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। উল্লেখযোগ্য যে পত্নীহন্তা বসন্ত শইকীয়া লখিমপুৰ সদৰ থানাৰ কনিষ্টবল। কনিষ্টবল শইকীয়া যান-বাহন শাখাত কৰ্মৰত আছিল।

লখিমপুৰত লোমহৰ্ষক কাণ্ড : পত্নীহন্তা স্বামীয়ে ল’লে চৰমপন্থা
বৃদ্ধি হ’ল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in