লখিমপুৰৰ বিশিষ্ট সাংবাদিক সুৰজিৎ ভূঞাৰ স্মৃতিত বিভিন্ন দল-সংগঠনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

লখিমপুৰৰ বিশিষ্ট সাংবাদিক সুৰজিৎ ভূঞাৰ স্মৃতিত বিভিন্ন দল-সংগঠনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
লখিমপুৰৰ বিশিষ্ট সাংবাদিক সুৰজিৎ ভূঞাৰ স্মৃতিত বিভিন্ন দল-সংগঠনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ডিজিটেল সংবাদ,লখিমপুৰ : যোৱা ৫ ছেপ্টেম্বৰত আকস্মিক মৃত্যুক সাৱটি লোৱা লখিমপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা সাংস্কৃতিক কৰ্মী সুৰজিৎ ভূঞাৰ বাসগৃহত শনিবাৰে দহা(দহদিন) উপলক্ষে বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আজি দহা উপলক্ষে প্ৰয়াত ভূঞাৰ বাসগৃহত অনুষ্ঠিত হয় নাম কীৰ্তন তথা মাঙ্গলিক অনুষ্ঠান ৷ আজিৰ দিনটোতে প্ৰয়াত ভূঞাৰ বাসগৃহত উপস্থিত হয় অসম বাৰ্তাজীৱী সংঘৰ এটি প্ৰতিনিধি দল ৷

সংঘৰ ৰাজ্যিক সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাৰ নেতৃত্বত প্ৰচাৰ সম্পাদক অখিল কলিতা,কাৰ্যনিৰ্বাহক সদস্য দ্বয় ক্ৰমে প্ৰশান্ত মোদক,আশ্বিনি দুৱৰা, সংঘৰ উত্তৰ পূৱ মণ্ডলৰ সম্পাদক জগত বৰা আৰু সদস্য হেমন্ত ডেকা সহ দলটিয়ে সুৰজিৎ ভূঞাৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলী অৰ্পণ কৰে । প্ৰতিনিধি দলটোৱে ভূঞাৰ পত্নী নমিতা বৰুৱা ভূঞা আৰু একমাত্ৰ কন্যা তক্ষশীলা ভূঞাৰ লগতে পৰিয়ালবৰ্গক সাক্ষাৎ কৰি ভূঞাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

ৰাজ্যখনৰ সাংবাদিক সকলৰ ন্যায্যপ্ৰাপ্তি আৰু অধিকাৰৰ হকে দিৰ্ঘদিনে সংগ্ৰাম কৰি অহা ভূঞাই অসম বাৰ্তাজীৱী সংঘক গতিশীলতা প্ৰদান কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰিছিল । ৰাষ্ট্ৰীয় পৰ্যায়ত অৰ্থাৎ ভাৰতীয় বাৰ্তাজীৱী মহাসংঘত অসমক প্ৰতিনিধিত্ব কৰি সাংবাদিকৰ ন্যায্য প্ৰাপ্তিৰ আন্দোলনক অনন্য মাত্ৰা প্ৰদান কৰিছিল বুলি শোকবাৰ্তাযোগে উল্লেখ কৰে সংঘৰ সভাপতি মধুসুধন মেধি আৰু সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই ৷

অনুষ্ঠানত লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ হৈ বুবুল হাজৰিকা আৰু মনোজ বৰপাত্ৰগোঁহাইয়ো উপস্থিত থাকে ৷ আনহাতে জিলাখনৰ কেইবাটাও সাংবাদিক , সাংস্কৃতিক সংগঠনৰ লগতে মহিলা সমিতিয়েও ভূঞালৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

Also Read: বৰমাত এন ডি এফ বিৰ শ্বহীদ দিৱস পালন

journalist Surjit Bhuyan