আজি লক্ষ্মী পূজা

author-image
Asomiya Pratidin
New Update
আজি লক্ষ্মী পূজা

ডিজিটেল ডেস্ক : আজি হিন্দু ধৰ্মৰ ধন-সম্পত্তিৰ অধিষ্ঠাত্রী দেৱী ৰূপে গণ্য কৰা দেৱী লক্ষ্মীৰ পূজা । সমৃদ্ধিৰ দেৱী লক্ষ্মীৰ পূজা দেশৰ অসম, পশ্চিম বংগ আৰু ওড়িশাত লক্ষ্মী পূজা উদযাপন কৰা হয় দুৰ্গা পূজাৰ ৫ দিন পাছত । আনহাতে দেশৰ অন্য প্ৰান্তত হিন্দু মাহ কাৰ্তিকৰ প্ৰথমটি অমাৱস্যাৰ দিনা পালন কৰা হয় লক্ষ্মী পূজা ।

জনশ্ৰুতি অনুসৰি, আজি দেৱী লক্ষ্মীয়ে ভ্ৰমণ কৰে প্ৰত্যেক গৰাকী ভক্তৰ বাসগৃহ । সেই বাবেই আজিৰ দিনটোত নিজে নিজে বাসগৃহ সমূহক সজাই পৰাই তুলি অপেক্ষা কৰা হয় দেৱী গৰাকীৰ আগমনলৈ ।

পূজা উপলক্ষে ৰাতিপুৱাৰে পৰাই ৰাজ্যখনত পৰিলক্ষিত হ'ল ভক্তগণৰ প্ৰস্তুতি । গুৱাহাটী মহানগৰীও নহ'ল ইয়াৰ ব্যতিক্ৰম । ৰাতিপুৱাৰ এজাক বৰষুণে পূজাৰ উৎসাহ ম্লান পেলোৱাৰ সম্ভাৱনা আছিল যদিও বজাৰ সমাৰত দেখা গ'ল ভক্তপ্ৰাণ ৰাইজৰ ভীৰ ।

assam lakshmi puja