ডিজিটেল সংবাদ, মায়ং : ঐতিহাসিক মায়ঙৰ সাৰ্বজনীন লক্ষ্মী পূজা এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে । পূজাৰ প্ৰস্তুতিৰ সকলো কাম সম্পূৰ্ণ হৈ উঠিছে।অতিথিআপ্যায়নৰ বাবেও সাজু হৈছে প্ৰতিখন গাৱৰ ৰাইজ। চাৰিদিনীয়াকৈ আয়োজন কৰা মায়ঙৰ লক্ষ্মী পূজাৰ সোণালী জয়ন্তী উৎসৱৰ আজি প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা,সন্ধিয়া ৫ বজাত লক্ষ্মী প্ৰতিমা স্থাপন কৰা হব । তাৰ পিছতেই পূজা আৰম্ভ আৰু নিশাৰ ভাগত ভাগৱত পাঠ । ১০ অক্টোবৰত দিহানাম, সন্ধ্যাৰতি, স্মৃতিগ্ৰন্থ 'অনঘা', উন্মোচ আৰু নিশাৰ ভাগত যোৰহাট টিয়কৰ অসমীয়া ভাওনা নৃসিংহ মূৰাৰী প্ৰদৰ্শন ।
১১ অক্টোবৰত নাগাৰা নাম,সম্বৰ্ধনা অনুষ্ঠান আৰু নিশাৰ ভাগত আছে ৰামপুৰ 'সত্যসনাতন' নাট্যগোষ্ঠীৰ নাট্যাভিনয়। অন্তিম দিনা মায়ঙৰ আঠখন গাৱৰ আই সকলৰ নাম ,আৰু নিশাৰ ভাগত সাংস্কৃতিক সন্ধিয়া। চাৰি দিনীয়া বনাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ উদযাপন সমিতিৰ কৰ্মকৰ্তা সকল সম্পূৰ্ণ সাজু হৈছে। বৃহৎ আকাৰত গঠন কৰা উদযাপন সমিতিৰ আজিও এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয় ।
৫ লাখ টকা বাজেটৰ সোণালী জয়ন্তী বৰ্ষটি উদযাপন সাত খনকৈ উপ সমিতি গঠন কৰি ব্যাপক আয়োজন কৰি থকা হৈছে । ড০ ফনিভূষন নাথক সভাপতি কমল চন্দ্ৰ নাথক সম্পাদক,দিলীপ নাথক সহকাৰী সম্পাদক আৰু বিৰেন কোৱৰ, ৰবিধৰ নাথ,হৰিপ্ৰসাদ বৰা,ৰাজেন শইকীয়া আৰু লোকেন্দ্ৰ হাজৰিকাক উপ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে । বিগত কেই বছৰতো যথেষ্ট উলহ মালহেৰে মায়ং সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন কৰি অহা হৈছে। সেয়ে এইবাৰ পূৰ্বতকৈ দুগুণ উৎসাহেৰে উদযাপন কৰিবলৈ ককালত টঙালি বান্ধিছে । সমগ্ৰ মায়ং অঞ্চলত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে আজিৰে পৰা ।