ডিজিটেল সংবাদ,চৰাইদেউঃ সোমবাৰে চৰাইদেউ জিলা মাইবেলাস্থিত লাকুৱা তাপবিদ্যুত কেন্দ্ৰত প্ৰায় অৰ্ধ শতাধিক অস্থায়ী ঠিকা ভিত্তিক শ্ৰমিকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তাপ বিদ্যুৎ কেন্দ্ৰটোত কৰ্মৰত ঠিকা শ্ৰমিক সকলৰ প্ৰাপ্য বেতন, মজুৰি বৃদ্ধি আদায়, ঠিকা শ্ৰমিক সকলৰ সু-ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিভিন্ন দাবীত পুৱা ৬ বজাৰ পৰা ৭২ ঘণ্টীয়া কৰ্ম বিৰতি কাৰ্য্যসূচী ৰূপায়ণ কৰে ঠিকা শ্ৰমিক সকলে।
উল্লেখ্যযোগ্য যে, অস্থায়ী শ্ৰমিক সন্থাই তেওঁলোকৰ দাবী সমূহ পূৰণৰ বাবে দীৰ্ঘ দিন ধৰি দাবী তুলি আহিছিল কিন্তু অতি পৰিতাপৰ বিষয় যে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। ইফালে প্ৰতিবাদী কাৰ্যসূচীৰ ফলত কেন্দ্ৰটোত কাম-কাজ অচল হৈ পৰিছে। ইফালে যদিহে বিভাগীয় কৰ্তৃপক্ষই অনাগত দিনত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে শুকুৰবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ অনশন কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে শ্ৰমিক সকলে।
Also Read: গোগামুখত নেৱাৰ সন্মিলনৰ কোঁৱাতী বিদায় সমাৰোহ উদযাপন