লামডিং ৰে’লৱে জংচনত জব্দ বাৰ্মিজ চুপাৰী…

লামডিং ৰে’লৱে জংচনত জব্দ বাৰ্মিজ চুপাৰী…

author-image
asomiyapratidin
New Update
লামডিং ৰে’লৱে জংচনত জব্দ বাৰ্মিজ চুপাৰী…

ডিজিটেল সংবাদ, লামডিং : ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ কলা ব্যৱসায়ী ৷ ৰে'ল আৰক্ষীৰ চকু সন্মুখেৰে ভাৰতীয় ৰে'লত সৰবৰাহ হৈছে বাৰ্মিজ চুপাৰী ৷ ৰাতিৰ আন্ধাৰত নহয় দিনতে এতিয়া চলিছে বাৰ্মিজ চুপাৰীৰ ৰমৰমীয়া ব্যৱসায় ৷ লামডিং ৰে'লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সন্দেহজনক বাৰ্মিজ চুপাৰী ৷

১৫৯৬৮ নামনিমুৱা ৰঙীয়া এস্কপ্ৰেছ ৰে'লত উদ্ধাৰ চুপাৰীখিনি ৷ ৰে'লখনৰ এটি সাধাৰণ শ্ৰেণীৰ দবাৰ শৌচালয়ৰ পৰা ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে চুপাৰীখিনি ৷ উদ্ধাৰ হোৱা চুপাৰীখিনি প্ৰায় ১ কুইন্টল ৯৬কেজি ৷ চুপাৰীখিনি ডিমাপুৰৰ পৰা সৰৱৰাহ কৰাৰ সন্দেহ প্ৰকাশ ৰে'লৱে আৰক্ষীৰ ৷ কিন্তু ৰহস্যজনক কথা যে ৰে'ল আৰক্ষীয়ে এই সকলো কথা জানিও চকু মুদি থকাৰ অভিযোগ ৷ কিয়নো প্ৰতিদিনে ৰে'লযোগে বিভিন্ন নিষিদ্ধ সামগ্ৰী সৰৱৰাহ হৈ আছে কিন্তু নিৰৱ ভূমিকা পালন কৰিছে ৰে'ল আৰক্ষীয়ে ৷

আৰু পঢ়ক : ঢকুৱাখনাত ৰাজহুৱা বিচাৰৰ নামত দম্পত্তিক নিৰ্যাতন…

assam Assam police lamding railway police