লংকাৰ কাকীত ভূ মাফিয়াৰ তাণ্ডৱ, বয়োজ্যেষ্ঠ মহিলাকো কৰিলে আক্ৰমণ...

লংকাৰ কাকীত ভূ মাফিয়াৰ তাণ্ডৱ, বয়োজ্যেষ্ঠ মহিলাকো কৰিলে আক্ৰমণ...
Published on
Updated on

ডিজিটেল সংবাদ, লংকাঃ লংকাৰ কাকীত ভূ মাফিয়াৰ তাণ্ডব। ৬০ উদ্ধৰ মহিলাক দাৰে আক্ৰমণ। অভিযোগ অনুসৰি কাকী ২ নং‌ টঙীয়াৰ নুৰউদ্দিন লস্কৰ নামৰ লোক জনে বনবিভাগে আবণ্টন দিয়া ভূমিত বিগত ৪০ বছৰে খেতি কৰি খায় আছিল।কিন্তু নুৰউদ্দিন লস্কৰৰ মৃত্যুৰ পাছত সেই ভূমিত কুদৃষ্টি পৰে কাষৰে আব্দুল ৰহমান,ইনুছ আলি, আব্দুল গনি, আব্দুল জলিল,মিনাৰা বেগম কুলছুমা বেগম চামছুল নেছা,ৰাবিয়া বেগম আৰু আলি হুছেইনৰ।

ইয়াৰ পাছতেই একাংশ ভেৰুনীয়া গুন্দা লৈ ১৮ জুলাই পুৱা মৃত নুৰউদ্দিন লস্কৰৰ ভূমিত ঘৰ বনাই দখল কৰিবলৈ চেষ্টা কৰে। নুৰউদ্দিন লস্কৰৰ পত্নী আৰু পৰিয়ালৰ লোকে বাধা দিবলৈ চেষ্টা কৰাত ভূ মাফিয়াৰ দলে নুৰউদ্দিন লস্কৰৰ পত্নী আলকুমা বেগম বোৱাৰী জুলেখা বেগম আৰু পুত্ৰ মাজিমুল হুছেইন লস্কৰক দা,লাঠি আদিৰে আক্ৰমণ কৰি আহত কৰে।

ঘটনাৰ সম্পৰ্কত কাকী আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে যদিও অভিযুক্ত পলাতক বুলি জানিব পৰা গৈছে। ইফালে বনবিভাগেও কালি ঘটনাৰ সম্পৰ্কত ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আনহাতে স্থানীয় ৰাইজে ভূমি খিনি নুৰউদ্দিন লস্কৰৰ দখলত থকা বুলি দাবী কৰে।

লংকাৰ কাকীত ভূ মাফিয়াৰ তাণ্ডৱ, বয়োজ্যেষ্ঠ মহিলাকো কৰিলে আক্ৰমণ...
তিতাবৰ পৌৰসভাত ক্ষমতাৰ নামত বহুৱালিঃ ছয় ৱাৰ্ড কমিছনাৰক গুৱাহাটীলৈ তলব ভবেশ কলিতাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in