ডিজিটেল সংবাদ,চৰাইদেউ : জীৱন কালত ত্যাগ,সাধনাৰে প্ৰজ্ঞাৱন্ত হৈ পৰা,অসমীয়া ভাষাত বৌদ্ধ ধৰ্মীয় সাহিত্য চৰ্চাৰ জনক হিচাপে চিহ্নিত হোৱা ড° শাসনবংশ মহাথেৰা ভান্তেৰ বৃহস্পতিবাৰে নিশা ১ বাজি ৭ মিনিটত দেহাৱসান ঘটে। চৰাইদেউ জিলাৰ জন্মস্থান চলাপথাৰ শ্যাম গাঁৱত ৯৮ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত সাহিত্যিকগৰাকীৰ মৃত্যু হয় বুলি জানিবলৈ দিয়ে ।
পালি ভাষাৰ বিদগ্ধ পণ্ডিত ড° ভান্তেৰ চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাৱঁৰ খাময়্যাং সম্প্ৰদায়ৰ পায়ুক বংশত ১৯২৬ চনৰ ২৭ অক্টোবৰত জন্মগ্ৰহণ কৰিছিল ৷ তেওঁ বিংশ শতিকাৰ ৬০ দশকত নালন্দা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
পৰৱৰ্তী সময়ত চলাপথাৰ শ্যাম গাৱঁলৈ উভতি আহি একাগ্ৰচিত্তে সাহিত্য চৰ্চাত নিমগ্ন হৈছিল। এনেদৰে অঞ্চলটোত এক আধ্যাত্মিক আৰু বৌদ্ধিক আন্দোলনৰ সৃষ্টি কৰিছিল পণ্ডিত ভান্তে ৷
এক বৰ্ণিল জীৱন পৰিক্ৰমাত জীৱন যাপন কৰা ভান্তে অসমীয়া ভাষাত বৌদ্ধ সাহিত্য উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত সৰ্বাধিক অৰিহণা যোগোইছিল। সমান্তৰালকৈ বৌদ্ধ ধর্ম, দৰ্শন আৰু সাহিত্যক বিভিন্ন দিশেৰে সমৃদ্ধিশালী কৰিছিল।
উল্লেখযোগ্য যে ১৯৬০ চনৰ পৰা চলা জ্ঞানোদয় পালি বিদ্যালয়ৰ অধ্যক্ষৰ পদ গ্ৰহণ কৰি তেওঁ ২০০১ চনত অৱসৰ গ্ৰহণ কৰিছিল। ১৯৬৭ চনৰ পৰা ১৯৭৬ চনলৈকে বুদ্ধগয়া পৰিচালনা কমিটিৰ সদস্য, ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে সদৌ অসম বৌদ্ধ মহাসভাৰ সভাপতি পদ অলংকৃত কৰিছিল।
ইয়াৰোপৰি ১৯৬০ চনৰ পৰা ১৯৭২ লৈকে সদৌ অসম ভিক্ষু সংঘৰ সম্পাদক আৰু ১৯৭২ চনৰ পৰা ২০০২ লৈকে সভাপতি পদ অলংকৃত কৰিছিল। ২০০২ চনৰ পৰা দীৰ্ঘ সময় ধৰি ভিক্ষুৰ সংঘ নায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা ভান্তে ২০০১ চনত ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ গ্ৰন্থ উন্মোচকৰ ভাষণ প্ৰদান কৰিছিল ।
ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৩ চনৰ ১৫ আগষ্টত অসম চৰকাৰে সাহিত্যিক পেঞ্চন প্ৰদান কৰিছিল। ২০১২ বৰ্ষৰ বাবে সাহিত্যিকগৰাকীয়ে সন্মানীয় আনন্দৰাম বৰুৱা বঁটা লাভ কৰিছিল ।
জীৱন কালত শাসনবংশ মহাথেৰ পালি আৰু অসমীয়া সাহিত্য জগতৰ এগৰাকী লব্ধ প্ৰতিষ্ঠ সাহিত্যিকস্বৰূপে বিশেষভাৱে সন্মানিত হৈছে। তেওঁৰ দ্বাৰা ৰচিত আৰু ১৯৬১ চনত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত হোৱা "সৰ্ম্ম শিক্ষা” নামৰ গ্ৰন্থখনি তেখেতৰ প্ৰথম সৃষ্টি আৰু বৌদ্ধ সমাজ তথা অসমৰ সাহিত্য ভঁৰালললৈ আগবঢ়োৱা অমূল্য অৱদান আছিল।
ইয়াৰ পৰৱৰ্তী কালছোৱাত কোনো যতি নপৰাকৈ অসমীয়া সাহিত্য জগতলৈ তেওঁ অনবদ্য বৰঙণি আগবঢ়াই থৈ গৈছে ৷ পালি সাহিত্যৰ পৰা অসমীয়া ভাষা সাহিত্যলৈ তেওঁ অনুবাদ কৰা গ্ৰন্থৰ তালিকা প্ৰায় ৫০ খনতকৈও অধিক ৷
তদুপৰি তেওঁ বিভিন্ন আলোচনী,বাতৰি কাকত আদিত নিয়মীয়াকৈ নিৱন্ধ লিখি আহিছিল ৷ বৌদ্ধ দৰ্শনৰ এগৰাকী অবিসম্বাদী পণ্ডিত ভদন্ত শাসনবংশ মহাথেৰৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন মহল।
তেওঁৰ বিয়োগ বাৰ্তা বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বহু লোক তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে চলাপথাৰত উপস্থিত হৈছে। দেশ-বিদেশত যথেষ্ট খ্যাতি আৰু গুণমুগ্ধ থকা ভান্তেগৰাকীৰ নশ্বৰ দেহত ২৪ ,২৫ আৰু ২৬ আগষ্টত চলাপথাৰ বৌদ্ধ বিহাৰত গুণমুগ্ধ সকলৰ বাবে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ব্যৱস্থা কৰা হৈছে ৷ তেওঁৰ বিয়োগত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰিছে ৷
Also Read: কাজিৰঙাৰ পৰা মহিলা নিৰুদ্দেশ