ডিজিটেল সংবাদ বিশ্বনাথঃ বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।অভিযানত লগন বাছোৱাৰ নামৰ এজন লাট মণ্ডলক গ্ৰেপ্তাৰ।
লগন বাচোৱাৰ বিশ্বনাথৰ বাঘমৰা মৌজাৰ ছয় নম্বৰ লাটৰ দায়িত্বত আছিল।বাঘমৰা মণ্ডলৰ অন্তৰ্গত লাওদলনীৰ ফুল মহম্মদ নামৰ এজন লোকৰ মাটি নামজাৰী কৰি দিয়াৰ বিনিময়ত লাট মণ্ডল লগন বাচোৱাৰে প্ৰথমে ৭ হাজাৰ টকা বিচাৰিছিল।
প্ৰথমে সেই মাটিৰ নামজাৰীৰ কাম অনলাইন যোগে আবেদন কৰিবলৈ নগদ ৫০০ টাক লৈছিল লাট মণ্ডল লগন বচোৱাৰে। আজিও সেই মাটিৰ কামৰ বাবে নগদ ৩ হাজাৰ টকা লাট মণ্ডল লগন বচোৱাৰে ফুল মহম্মদৰ পৰা লৈ থকাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে লোটৰ গ্ৰেপ্তাৰ কৰে লাট মণ্ডল লগন বচোৱাৰক।
বৰ্তমানেও বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই লগন বাচোৱাৰৰ নথি পত্ৰ পৰীক্ষা নিৰীক্ষা চলাই আছে।
Also Read: গুৱাহাটীত ICC এদিনীয়া বিশ্বকাপৰ মেচ...