মথুৰাপুৰ আৰক্ষী থানাত আইন সজাগতা সভা সম্পন্ন...
মথুৰাপুৰ আৰক্ষী থানাত আইন সজাগতা সভা সম্পন্ন...

মথুৰাপুৰ আৰক্ষী থানাত আইন সজাগতা সভা সম্পন্ন...

Published on

ডিজিটেল সংবাদ মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ চৌহদত আজি নতুনকৈ প্ৰৱৰ্তন কৰা আইনৰ সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত হয়। মথুৰাপুৰ আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত অনুষ্ঠিত এই সজাগতা সভাত মথুৰাপুৰ, মাইবেলা, নিমনাগড়,দ’লবাগান আৰু টেঙাপুখুৰী অঞ্চলত বহু সংখ্যক বিশিষ্ট লোক, দল সংগঠনৰ ব্যক্তি উপস্থিত থাকে।

উল্লেখ যে, ৰাষ্ট্ৰজুৰি নৱ প্ৰৱৰ্তিত ৩ খন নতুন আইনৰ সৈতে সৰ্বসাধাৰণ ৰাইজক সজাগ আৰু সচেতন কৰি প্ৰাৰম্ভিক জ্ঞান প্ৰদান কৰিবলৈ মথুৰাপুৰ থানা কৰ্তৃপক্ষই এই সভাখন আহ্বান কৰা বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অতুল পাটৰে জানিবলৈ দিয়ে।

মথুৰাপুৰ আৰক্ষী থানাত আইন সজাগতা সভা সম্পন্ন...
ৰঙিয়াত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in