ধনশিৰিত অব্যাহত সুৰাৰ বিৰুদ্ধে অভিযান

ধনশিৰিত অব্যাহত সুৰাৰ বিৰুদ্ধে অভিযান

author-image
asomiyapratidin
New Update
ধনশিৰিত অব্যাহত সুৰাৰ বিৰুদ্ধে অভিযান

ডিজিটেল সংবাদ, উৰিয়ামঘাট: বিগত সময়ত ধনশিৰি মহকুমাটোৰ বৰপথাৰ আঞ্চলৰ টেঙানী,চকলিকে ধৰি কেইবাখনো গাঁৱত অভিযান চলাই চুলাই আৰু সুৰা জব্দ কৰাৰ উপৰিও নষ্ট কৰে আবকাৰী বিভাগে।

শেহতীয়াকৈ সোমবাৰে ধনশিৰি মহকুমাৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত অবকাৰী বিভাগ আৰু চি.আৰ.পি.এফৰ যৌথ অভিযানত জব্দ কৰে বৃহৎ পৰিমানৰ সুৰা।

হালধিবাৰী গাওঁ পঞ্চায়ত অন্তগত ডিমৰুজান,চেতীয়া গাঁও,দ'কলিপথাৰৰ পৰা ৬০ লিটাৰ চুলাই, ২ কেছ বিলাতী সুৰা (IMFL, BEER,BREEZER )আৰু ২ লিটাৰ ঘৰুৱা সুৰা(লাওপানী)জব্দ কৰে । ঘটনাৰ লগত জড়িত তিনিজন লোকক আটক কৰে বুলি জানিব পৰা গৈছে।

আৰু পঢ়ক: অৰুণাচললৈ নিয়াৰ সময়তে ৯টা গৰু সহ তিনি চোৰক আটক

assam liquor