ডিজিটেল সংবাদ, বেকাজানঃ যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বৰহোলা সেউজী কানন শাখা সাহিত্য সভাৰ সহযোগত দেওবাৰে সেউজী কানন শাখা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয় সেউজী ভৱনত সাহিত্য দিৱসৰ উদযাপন কৰা হয়। এই উপলক্ষে পুৱা স্মৃতি তৰ্পণ কৰে সেউজী কানন শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অমিয়া মাধুৰী হাতীবৰুৱা, বৰহোলা মহাবিদ্যালয় উপাধ্যক্ষ দিলীপ কুমাৰ খাউণ্ড আৰু বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয়মোহন সন্দিকৈয়ে ।
সাহিত্য দিৱসৰ আদৰণি ভাষণ পাঠ কৰে সেউজী কানন শাখা সাহিত্য সভাৰ সভাপতি ৰূপা নেওগ হাজৰিকাই । সাহিত্য দিৱসত মুখ্য বক্তা হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে শিক্ষক তথা সেউজী কানন শাখা সাহিত্য সভাৰ উপদেষ্টা ত্ৰৈলোক্যদেৱ শইকীয়াই । আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোৰহাট জিলা সাহিত্য সভাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাক্তন প্ৰফুল্ল ভূঞা, সম্পাদক মাধৱ মহন্ত আৰু কাৰ্যনিৰ্বাহ সদস্য নৰেন্দ্ৰ সোণোৱাল ।
বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন অধ্যক্ষ ডম্বৰু চুতীয়া দেৱ, মঞ্জুলা সন্দিকৈ, সেউজী কানন শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দ্বিপেন বৰা, তীৰ্থ শইকীয়া, সমাজকৰ্মী হৰেণ গগৈ, অতুল বৰা, মুকুট বৰা, বিজয় কুমাৰ বৰা, মৃদুল বৰা, জীৱ কান্ত ফুকন, অৰূপ বৰা আদি কৰি কণমানি ছাত্ৰ সদবিদ স্বাধীন সোণোৱাল কবিতা পাঠ, সর্ভিল সভিদ বৰা আৰু পূৰ্বাস্মী হাজৰিকাই সাধু কৈ অনুষ্ঠান জীপাল কৰি তোলে।