উৎকোচ লৈ হাতে-লোটে ভিজিলেঞ্চৰ জালত পৰিল ৰে'লৱে বিষয়া...

লামডিং ৰে'লৱে মাণ্ডলিক কাৰ্যালয়ত ৰে'লৱে ভিজিলেঞ্চৰ অভিযান ৷

author-image
Asomiya Pratidin
New Update
উৎকোচ লৈ হাতে-লোটে ভিজিলেঞ্চৰ জালত পৰিল ৰে'লৱে বিষয়া...

ডিজিটেল সংবাদ, লামডিং : লামডিং ৰে'লৱে মাণ্ডলিক কাৰ্যালয়ত ৰে'লৱে ভিজিলেঞ্চৰ অভিযান ৷ কাৰ্যালয়টোৰ কাৰ্মিক বিভাগ (Personal Department)ত চলোৱা হয় এই অভিযান ৷ অভিযানকালত উৎকোচ লোৱাৰ সময়ত হাতে-লোটে আটক কৰে এজন ৰে'লৱে বিষয়াক ৷

অভিযুক্ত বিষয়াজন বিভাগটোৰ মুখ্য কাৰ্যালয়ৰ অধীক্ষক পবিত্ৰ কোঁৱৰ ৷ ভিজিলেঞ্চৰ গোপন সূত্ৰৰ মতে কোনো ব্যক্তিৰ পৰা উৎকোচ লোৱাৰ সময়ত জালত পৰে অভিযুক্ত পবিত্ৰ কোঁৱৰ ৷ বৰ্তমান ভিজিলেঞ্চে নিজাববীয়াকৈ এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ পবিত্ৰ কোঁৱৰৰ বিৰুদ্ধে পূৰ্বৰ পৰাই লাখ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগ আছিল ৷

ভিজিলেঞ্চৰ তদন্তৰ পিছত ৰে'লবিভাগে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব দিয়ে লামডিং ৰেলৱে মাণ্ডলিকৰ জ্যেষ্ঠ বাণিজ্যিক প্ৰৱন্ধকে ৷ অভিযুক্ত ঘোচখোৰ কোঁৱৰ চাকৰি পৰা অৱসৰ ল'বলৈ মাত্ৰ কেইটামান দিনহে বাকী আছিল। উল্লেখ্য যে, ৰে'লৱে দৰমহাৰে পেট নভৰা একাংশ ৰে'লৱে কৰ্মচাৰীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে প্ৰৱন্ধকগৰাকীয়ে।

Also Read: সৰ্তকবাণী: ক্ৰমাৎ বৃদ্ধি কপিলী নদীৰ জলপৃষ্ঠ, বহু পৰিয়াললৈ ভাবুকি...

lumding indian railway