বিৰোধী শক্তিশালী হ'লে লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰা সম্ভৱঃ লুৰীণজ্যোতি গগৈ

বিৰোধী শক্তিশালী হ'লে লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰা সম্ভৱঃ  লুৰীণজ্যোতি গগৈ
Published on
Updated on

ডিজিটেল সংবাদ, বৰবৰুৱাঃ শেহতীয়াকৈ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে কেন্দ্ৰত গঠিত INDIA এলায়েঞ্চ আৰু অসমত গঠন হোৱা বিৰোধী ঐক্য মঞ্চত ভাঙোন আহিব বুলি ৰাজনৈতিক মহলত ব্যাপক ভাৱে চৰ্চা চলিছে।বিৰোধী ঐক্যত ভাঙোন আহিব বুলি চৰ্চা চলাৰ মাজতেই বিৰোধী ঐক্যক লৈ আত্মবিশ্বাসী অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ।

অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয়, বিৰোধী ঐক্য শক্তিশালী হ'লেহে লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰা সম্ভৱ। ইণ্ডিয়া মিত্ৰজোট শক্তিশালী হোৱা হ'লে মিজোৰামক বাদ দি শেহতীয়াকৈ ঘোষিত সকলো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপি পৰাভূত হ'লহেতেন। তেওঁ লগতে কয় যে, সমাগত লোকসভা নিবাৰ্চনত অসমৰ প্ৰেক্ষাপটত বিৰোধী ঐক্য মঞ্চত অন্তভুৰ্ক্ত ১৫ টাকৈ ৰাজনৈতিক দলে একত্ৰিত হৈ শক্তিশালী ভাৱে বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিটো সমষ্টিত প্ৰাৰ্থী দিব। ইয়ে বিজেপিৰ পৰাজয় নিশ্চিত কৰিব।

বিৰোধী শক্তিশালী হ'লে লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰা সম্ভৱঃ  লুৰীণজ্যোতি গগৈ
'ইণ্ডিয়া'ৰ বৈঠকত অংশ গ্ৰহণ নকৰে মমতা, নীতিশ, অখিলেখ যাদৱে! অকলশৰীয়া হোৱাৰ দিশে কংগ্ৰেছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in