ডিজিটেল সংবাদ ধেমাজিঃ 'অসমত দালালে চলাইছে নিযুক্তিৰ বেহা, চাকৰিৰ দালাল গ্ৰেপ্তাৰ প্ৰসংগই প্ৰমাণ কৰিলে ভিক্টৰ দাসৰ অভিযোগৰ সত্যাসত্যতা।'- এই অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। সোমবাৰে ধেমাজি প্ৰেছ ক্লাৱত বিয়লি ৩ .৩০ বজাত অনুষ্ঠিত এক সংবাদমেলত অংশগ্ৰহণ কৰি গগৈয়ে কয় যে- দেওবাৰে মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৭ গৰাকী দালালৰ গ্ৰেপ্তাৰে এই কথাই প্ৰমাণ কৰি দিলে অসমত দালাল সক্ৰিয় হৈ আছে ৷
ভাষনত তেওঁ জলসম্পদ বিভাগৰ লগত জড়িত দালালক ইতিমধ্যে কৰায়ত্ব কৰিছে যেতিয়া আন এটা নিযুক্তি সন্দৰ্ভত পোৱা অভিযোগ সমূহ তদন্ত চৰকাৰখনে কৰিব লাগিছিল বুলি উল্লেখ কৰে ৷ ৰাজ্যৰ নিবনুৱাসকলৰ আশাত চেঁচাপানী ঢালিব বিছৰা চাকৰি নিযুক্তিৰ নামত কেলেংকাৰী কৰা এটা বিষয়লৈ ভিক্তৰ দাসে অভিযোগহে দিছিল তেনে বিষয়ত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয় বুলি কয় অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে ৷
সমান্তৰালভাৱে নিযুক্তি বিষয়কলৈ চৰকাৰে কাৰো পৰা তামোল এখনো নোখোৱাকৈ সম্পূৰ্ণ শূন্য সহনশীলতা নীতিৰে আৰু স্বচ্ছতাৰে নিযুক্তি দিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰেৰে জনপ্ৰিয়তা অৰ্জনৰ চেষ্টা চলোৱা এইখন বিজেপিৰ চৰকাৰে ২৬ হাজাৰ নিবনুৱাক নিযুক্তিৰ নামত চলাইছে চুড়ান্ত ভেঙুচালি। ৰাজ্যৰ লাখ লাখ নিবনুৱাকলৈ হেতালি খেলাৰ অভিযোগ কৰে তেওঁ ৷
এই নিযুক্তিকলৈ দালালে মুকলি বজাৰত চলাইছে তিনি লাখৰ পৰা দহ লাখ টকাৰ দৰদাম বুলি গগৈয়ে উল্লেখ কৰে ৷ অসম চৰকাৰৰ এই মুকলি দুনীৰ্তিৰ বিৰুদ্ধে ৰাজহুৱাকৈ মাতমতাৰ বাবেই ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি সমস্ত দুৰ্নীতি গাপ দিয়াৰ চক্ৰান্ত কৰাৰ অভিযোগ কৰে ৷
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ কাৰ্য বিৰোধিতা কৰি ই এক চৰকাৰী আৰু ৰাজনৈতিক গভীৰ ষড়যন্ত্ৰ বুলি দাবী কৰে ৷ এই নিযুক্তি বিষয়ৰ লগত প্ৰভাৱশালী মন্ত্ৰী জড়িত থকাটো প্ৰায় স্পষ্ট হৈ পৰাত মুখ্যমন্ত্ৰীয়ে বেবেৰিবাং কথাৰহে উত্তৰ দিয়াহে ৰাইজে দেখা পাইছে ৷
সংবাদমেলত গগৈয়ে উত্থাপন কৰে অসম চৰকাৰ মন্ত্ৰীয়ে ব্যবৱহাৰ কৰা ৬৮ লাখ টকীয়া গাড়ীৰ প্ৰসংগও ৷ তেওঁ জে আৰ এন ফাৰ্মৰ নামত থকা গাড়ী ব্যৱহাৰ কৰে অসম চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে বুলি মন্তব্য কৰে ৷ অসমৰ জনতাই এই সকলো খবৰ জ্ঞাত হৈ পৰিছে ৷
সংবাদ মেলত গগৈয়ে কয় যে, ধেমাজিৰ জলন্ত সমস্যা সমূহলৈ আজি পৰ্য্যন্ত ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই গুৰুত্ব দিয়া নাই ৷ যাৰ বাবে ধেমাজি নগৰৰ মাজমজিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই অসম চৰকাৰৰ ফুপুলা স্বৰূপটো উদঙাই দিছে ৷
ৰাস্তা, ঘাট, জিলাখনৰ বানপানী সমস্যাকে ধৰি কোনো এটা সমস্যাৰ বিষয়তেই গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে লুৰিণজ্যোতি গগৈয়ে ৷ অসম মন্ত্ৰীসভাত শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে যি দৰে গুৰুত্ব পাব লাগিছিল সেইদৰে গুৰুত্ব নোপোৱাৰ ফলত শিক্ষামন্ত্ৰীয়ে কোনো এটা গুৰুত্বপূৰ্ন বিষয়ত স্পষ্টকৈ ঘোষণা কৰিব নোৱাৰাৰ কথা উল্লেখ কৰে ৷
সংবাদমেলত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ জিয়াউৰ ৰহমান , কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদকদ্বয় কাষ্টম বসুমতাৰী আৰু দ্বীপ পেগু, অসম জাতীয় পৰিষদৰ যুৱ শক্তিৰ সম্পাদক ইফটিকাৰ হুছেইন , যুৱ শক্তিৰ বিত্তীয় সম্পাদক গৌৰৱ শইকীয়া , ধেমাজি জিলা সমিতিৰ সম্পাদক জ্যোতিষ কোচঁ আৰু জিলাৰ সহকাৰী সম্পাদক পদ্ম বৰা উপস্থিত থাকে৷