ডিজিটেল ডেস্ক : মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে সমগ্ৰ ৰাজ্যৰে সত্ৰ নামঘৰ সমূহত পুৱাৰে পৰাই দেখা গ'ল নাম-প্ৰসংগ । আহোমৰ ৰাজত্বত মহাপুৰুষ দুজনাৰ প্ৰচেষ্টাত সমগ্ৰ মাজুলীতেই স্থাপন কৰা হৈছিল সত্ৰ সমূহৰ । বিভিন্ন প্ৰান্তৰ পৰা ভকত সকলে আহি চৰ্চা কৰিছিল বৈষ্ণৱ ধৰ্মৰ । সেই মাজুলী মুখৰিত হ'ল গুৰু জনাৰ অমৰ সৃষ্টি নাম ঘোষাৰে । ৩২ খন সত্ৰ তথা সৰু-বৰ ৫ শতাধিক নামঘৰত পৰিলক্ষিত হ'ল ব্যস্ততা ।
ইয়াৰ উপৰিও, বৰদোৱা, বৰপেটা, ঢেকীয়াখোৱা নামঘৰো ব্যতিক্ৰম নহ'ল এই কাৰ্যসূচীৰ । দিনতীয়াকৈ অনুষ্ঠিত কৰা হ'ব বিভিন্ন কাৰ্যসূচীৰ । ৰাতিপুৱাৰে পৰা সকলো সত্ৰ - নামঘৰত দেখা গৈছে ভক্তপ্ৰাণ ৰাইজৰ ভীৰ । গুৰুজনাক সেৱা জনাই হে অইন কামত নিয়োজিত হোৱাৰ সৈতেই বহু লোকে ব্যক্তিগতভাৱেও আয়োজন কৰিছে নামৰ ।