পুত্ৰক হত্যা কৰি ৰচিছিল নাটক! মাৰ্ঘেৰিটাত গ্ৰেপ্তাৰ মাতৃ...

পুত্ৰক হত্যা কৰি ৰচিছিল নাটক! মাৰ্ঘেৰিটাত গ্ৰেপ্তাৰ মাতৃ...
Published on
Updated on

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। নিজ জন্মদাত্ৰী পাষাণ মাতৃৰ হাততে মৃত্যু হৈছে এটি ৫ বছৰীয়া শিশু। প্ৰথমে নিৰুদ্দেশ পাছত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই লৈছে নতুন মোৰ। দুৰ্গোৎসৱৰ আনন্দ উলাহৰ মাজতে মাৰ্ঘেৰিটাৰ এক নং লাজুমৰ পুৰণি ৰামকৃষ্ণ বিদ্যাপীঠ বিদ্যালয়ৰ খেল পথাৰৰ সমীপৰ নিবাসী অভিমন্যু নামৰ পাঁচ বছৰীয়া শিশুটি অষ্টমী পূজাৰ দিনা পুৱা ঘৰৰ পৰাই নিৰুদ্দেশ হৈছিল।

পৰৱৰ্তী সময়ত যোৱা সোমবাৰে বুঢ়ীদিহিং নৈৰ চাপৰিত শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছিল। স্থানীয় ৰাইজে ঘটনাৰ উচিত বিচাৰৰ বাবে দাবী জনাইছিল।শেহতীয়াকৈ মাৰ্ঘেৰিটা আৰক্ষীৰ হাতত লাগিল এক বৃহত সাফল্য।আৰক্ষীৰ জেৰাত নিজ সন্তানক হত্যা কৰাৰ কথা স্বীকাৰ সুপ্ৰীয়া ভট্টাচাৰ্যীৰ। নিশাই মাৰ্ঘেৰিটা আৰক্ষীয়ে আটক কৰে হত্যাকাৰী সুপ্ৰীয়া ভট্টাচাৰ্যীক।

প্ৰথমে নিৰুদ্দেশৰ নাটক তাৰ পিছত হত্যা নিজ শিশু পুত্ৰক।কোন দিশে গতি কৰিছে মানব্য প্ৰমূল্যবোধ।নিজ জন্মদাত্ৰী মাতৃ কেনেকৈ হ'ব পাৰে ইমান নৃশংস। কিমান নৃশংস হলে এজনী মাতৃয়ে নিজ শিশু সন্তানক হত্যা কৰিব পাৰে। মাৰ্ঘেৰিটাত নিজ সন্তানক হত্যা কৰাৰ সন্দেহত আটক কৰা হৈছে এগৰাকী মহিলাক। হত্যাকাৰী মাতৃ গৰাকীৰ নাম সুপ্ৰীয়া ভট্টাচাৰ্যী।

উচ্চ শিক্ষিতা সুপ্ৰীয়া ভট্টাচাৰ্যী ১ বছৰৰ পূৰ্বে গিৰিয়েকৰ সৈতে বিবাহ বিচ্ছেদ হোৱাত তেতিয়া পৰা পিতৃৰ গৃহতে পুত্ৰ সৈতে থাকিবলৈ লৈছিল। স্থানীয় ৰাইজৰ সন্দেহ পিতৃ গৃহত থকা সময়তে কোনো ব্যক্তি সৈতে অবৈধ সম্পৰ্ক গঢ়লৈ উঠে সুপ্ৰীয়া ভট্টাচাৰ্যী। এই ক্ষেত্ৰত সমস্যা হৈ দেখা দিয়ে পুত্ৰ অভিমন্যু চক্ৰৱৰ্তী। ইয়াৰ বাবেই সুপ্ৰীয়া ভট্টাচাৰ্যীই পৰিকল্পিত ভাৱে হত্যা কৰে শিশু পুত্ৰক। এই জঘন্য ঘটনাই সমগ্ৰ মাৰ্ঘেৰিটাতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।

উচ্চ শিক্ষিত পৰিয়ালত সংঘটিত হোৱা এই ঘটনাই অঞ্চলবাসীক বাকৰুদ্ধ কৰি পেলাইছে। এই ঘটনাই প্ৰতিজন হৃদয়বান লোকৰ মন মগজুক জোকাৰি গৈছে। বৰ্তমান মাতৃৰ মাতৃত্ব অপত্য স্নেহ কত হেৰাল বুলি প্ৰশ্ন উত্থাপিত হৈছে। ৯ মাহ ৯ দিন গৰ্ভত ধাৰণ কৰাৰ এগৰাকী মাতৃ কেনেকৈ ইমান নিৰ্দয় হ'ব পাৰে। উক্ত ঘটনাৰে আন কোনো ব্যক্তিও জড়িত হৈ থকা সন্দেহ স্থানীয় ৰাইজৰ। স্থানীয় ৰাইজে এই ঘটনাৰ এক উচ্চ স্তৰীয় তদন্তৰ দাবী জনোৱা লগতে এই ঘটনাৰ লগত জড়িত প্ৰতি গৰাকী ব্যক্তিকে কঠোৰত কৈ কঠোৰ শাস্তি পোষকতা কৰিছে।

আইনৰ সুৰুঙাৰে কোনো অপৰাধী যাতে সাৰি যাব নোৱাৰে তাৰ বাবে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ দাবী উত্থাপিত কৰিছে স্থানীয় সচেতন ৰাইজে। মাৰ্ঘেৰিটাৰ চি ডি পি অয়ে আজি মহিলা গৰাকীক নিশা আটক কৰি আজি গ্ৰেপ্তাৰ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিছে। মাতৃ সমাজক লব্জানত কৰা সন্দৰ্ভত আজি মাৰ্ঘেৰিটা সম জিলা আৰক্ষী বিষয়াই মন্তব্য কৰি কয় যে শিশু পুত্ৰ হত্যাকাণ্ড ঘটনাৰ সৈতে মাতৃ সুপ্ৰীয়া ভট্টাচাৰ্যী জড়িত থকা বহু তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে।

হত্যাকাৰী মাতৃৰ সুপ্ৰীয়া ভট্টাচাৰ্যীৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ আৰক্ষীৰ থানাত ভাৰতীয় ন্যায় সংহৃতা অধিনত ১৪৪/২০২৪ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । আইন অনুসৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মাৰ্ঘেৰিটা সম জিলা আৰক্ষী বিষয়াদীনেশ প্ৰতাপ সিং ৰাথোৰ সংবাদমাধ্যমক জানিবলৈ দিছে। অন্যহাতে হত্যাকাণ্ডত অভিযুক্ত সুপ্ৰীয়া ভট্টাচাৰ্যীই সাংবাদিকৰ আগত কোনো মন্তব্য প্ৰদান কৰা পৰা বিৰত আছে। হত্যা অভিযোগত অভিযুক্ত সুপ্ৰীয়া ভট্টাচাৰ্যীৰ বডি লেংগুৱেজত নাই অনুতপ্ত হোৱা কোনো লক্ষণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in