মহালয়াৰ আছে শুভ-অশুভ কাৰকঃ আছে ত্রিনয়নী দুর্গাৰ মহত্ব...

মহালয়াৰ আছে শুভ-অশুভ কাৰকঃ আছে ত্রিনয়নী দুর্গাৰ মহত্ব...
মহালয়াৰ আছে শুভ-অশুভ কাৰকঃ আছে ত্রিনয়নী দুর্গাৰ মহত্ব...
Published on
Updated on

ডিজিটেল ডেক্সঃ আজি মহালয়া। শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হোৱা এই মহালয়া পশ্চিমবংগ, অসম আৰু ত্ৰিপুৰাকে ধৰি দেশৰ বিভিন্ন স্থানত পালন কৰা হয়। হিন্দু পৌৰাণিক কাহিনী অনুসৰি, বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে ৰাক্ষস মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল।

দুর্গা পূজাৰ আৰম্ভণিতে উদযাপন কৰা হয় এই মহালয়া। হিন্দু পৌৰাণিক কাহিনী অনুসৰি এই দিনটোতে দেৱী দুৰ্গাৰ পৃথিৱীলৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। এই দিনটোতে ব্রহ্মা, বিষ্ণু আৰু মহেশ্বৰে দেৱী দূর্গাক নেত্র প্রদান কৰিছিল।

সেয়ে এই মহালয়াৰ দিনটোত দেৱী দূৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ হিচাপে নেত্র আঁকা হয়। পৃথিৱীলৈ দেৱী দূৰ্গাৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। দেৱী দুৰ্গাৰ প্ৰতিমাত আজি খনিকৰে তিনি নেত্ৰ অংকন কৰিব।

তিনি নেত্ৰৰ বাবেই দেৱী দুর্গাক ত্রিনয়নী দুর্গা বুলিও কোৱা হয়। এই তিনিটা চকুৰে আছে তিনি ভিন্ন মহত্ব। দেৱী দুৰ্গাৰ বাওঁ চকুৱে আকাংক্ষা বা চন্দ্ৰক প্ৰতিনিধিত্ব কৰে। সোঁ চকুৱে কার্য বা সূৰ্যৰ প্রতীকক প্ৰতিনিধিত্ব কৰে আৰু তৃতীয় চকুৱে জুই আৰু জ্ঞানক প্রতিনিধিত্ব কৰে।

এই চকু শিৱই দিয়া তৃতীয় চকু বা চেতনাৰ চকু। মান্যতা অনুসৰি এই মহালয়াৰ দিনটোতে মাদুর্গাই কৈলাসৰ পৰা মাতৃৰ গৃহলৈ বুলি আহে। দুর্গা পূজাৰ এটা সপ্তাহ পূর্বে এই মহালয়া উদযাপন কৰা হয়।

মহালয়াৰো আছে শুভ-অশুভ কাৰক। মহালয়াৰ দিনটোৰ পৰা মাতৃৰ পক্ষ আৰম্ভ হয়, সকলো অশুভ শক্তি ধ্বংস হয়। সেয়ে মহালয়াক শুভ বুলি গণ্য কৰা হয়। দুর্গা পূজাই আনন্দ, আশা-আকাংক্ষা কঢ়িয়াই আনে। ইয়াৰ উপৰি পূৰ্বপুৰুষসকলক হিন্দু ধৰ্মৰ যিকোনো শুভ কামত স্মৰণ কৰা হয়।

আন এক দৃষ্টিভংগীৰে মহালয়াৰ দিনা, পিতৃসকলক তর্পণ আগবঢ়োৱাৰ পৰম্পৰা আছে, অর্থাৎ পানী দিয়ে। পূর্বপুৰুষসকলক স্মৰণ কৰাৰ দিন বাবেই বহুতে ভাবে যে এইটো প্রকৃততে মহালয়া শোকৰ দিন।

কিন্তু এই ধাৰণা সীমিত। সকলোৱেই মহালয়াক শুভ জ্ঞান কৰিয়েই উৎসৱৰ মাদকতাত বিলীন হয়। উৎসৱৰ আৰম্ভণি হিচাপেই ইয়াক মানি চলা হয়। সেয়ে দেৱী দুর্গাই ধৰালৈ নামি অহাৰ লগে লগে পৃথিৱীৰ অপশক্তি বিনাশ ঘটি, ভাল শক্তি গা কৰি উঠাৰ লগতে বিভিন্ন জনে বিভিন্ন আকাশ-আকাংক্ষাক পূৰণ কৰাৰ কামনা কৰে।

মহালয়াৰ আছে শুভ-অশুভ কাৰকঃ আছে ত্রিনয়নী দুর্গাৰ মহত্ব...
ধৰালৈ আগমণ ঘটিল দেৱী দুৰ্গাৰঃ আৰম্ভ হ'ল শাৰদীয় উৎসৱৰ বতৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in