আজি মহাসপ্তমী : শক্তিপীঠ, দেৱীপীঠ আৰু দেৱালয়ত সম্পন্ন হ’ব বিভিন্ন প্ৰকাৰৰ বলি

পুৱা ৯ বাজি ১২ মিনিট ৪২ ছেকেণ্ডৰ ভিতৰত হ’ব দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ, স্থাপন, সপ্তমাদি কল্পাৰম্ভ আৰু মহাসপ্তমীবিহিত পূজাৰম্ভ।

author-image
Asomiya Pratidin
New Update
আজি মহাসপ্তমী : শক্তিপীঠ, দেৱীপীঠ আৰু দেৱালয়ত সম্পন্ন হ’ব বিভিন্ন প্ৰকাৰৰ বলি

ডিজিটেল ডেস্ক : ঢাক-ঢোল, শংখ-ঘন্টা আৰু পুৰোহিতৰ বেদ- মন্ত্ৰৰ ধ্বনিৰে ষষ্ঠীৰ বেদীত বুধবাৰে প্ৰতিষ্ঠা হ'ল দেৱী দশভূজাৰ প্ৰতিমা। বিল্ববোধনেৰে মহাষষ্ঠী পূজা আৰম্ভ কৰাৰ পাছত আজি মহাসপ্তমী।

কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাৰ দৃক পদ্ধতিৰে গণনা কৰা অনুসৰি আজি পুৱা ৯ বাজি ১২ মিনিট ৪২ ছেকেণ্ডৰ ভিতৰত হ’ব দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ, স্থাপন, সপ্তমাদি কল্পাৰম্ভ আৰু মহাসপ্তমীবিহিত পূজাৰম্ভ। কলপুলি, মানকচু, ক’লাকচু, অশোক গছৰ ডাল, জয়ন্তী গছৰ ডাল, ডালিম গছৰ ডাল, হালধি, ধানৰ গছা, যোৰ বেশ আৰু অপৰাজিতা ফুলৰ ডালেৰে সজোৱা হয় নৱপত্ৰিকা।

সপ্তমী পূজা উপলক্ষে আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন শক্তিপীঠ, দেৱীপীঠ আৰু দেৱালয়ত সম্পন্ন হ’ব বিভিন্ন প্ৰকাৰৰ বলি। অৱশ্যে দেশৰে অন্যতম শক্তিপীঠ মা কামাখ্যা ধামত সম্পন্ন হ’ব পৰম্পৰাগত ঘট পূজা।

Also Read: বিশিষ্ট উদ্যোগপতি,মানৱদৰদী ৰতন টাটা আৰু নাই

durga puja