ডিজিটেল সংবাদ,মথুৰাপুৰঃ আজি মহা শিৱৰাত্ৰি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিৱক আৰাধনা কৰা হ'ব। ব্যতিক্ৰম নহয় মথুৰাপুৰৰ কৈলাস শিৱধাম। মথুৰাপুৰৰ কৈলাস শিৱধাম মন্দিৰ লৈ বৈছে ভক্তৰ সোঁত ৷
মহা শিৱৰাত্ৰি উপলক্ষে শনিবাৰে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা আৰু বন্দনাৰে মুখৰিত হৈ পৰে মথুৰাপুৰ ৷ তিনিদিনীয়া কৈ কাৰ্যসূচীৰে আৰম্ভ হোৱা মহা শিৱৰাত্ৰি উপলক্ষত কৈলাস শিৱধাম মন্দিৰত পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজে ধূপ-ধূণা, গাখীৰ আৰু ভোগ, নৈবেদ্যৰে শিৱলিংগত পূজা পাৰ্বণ কৰি মনোবাঞ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা জনায় ৷
আৰু পঢ়কঃ শিৱসাগৰৰ শিৱদ’লত আৰম্ভ শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা...