কানাডিয়ান ছলাৰ এপছে মাজুলীত লুটিলে প্ৰায় ১০ কোটিঃ দোষীক শাস্তিৰ দাবী সৰ্বস্বান্ত লোকৰ...

কানাডিয়ান ছলাৰ এপছে মাজুলীত লুটিলে প্ৰায় ১০ কোটিঃ দোষীক শাস্তিৰ দাবী সৰ্বস্বান্ত লোকৰ...
কানাডিয়ান ছলাৰ এপছে মাজুলীত লুটিলে প্ৰায় ১০ কোটিঃ দোষীক শাস্তিৰ দাবী সৰ্বস্বান্ত লোকৰ...
Published on
Updated on

ডিজিটেল সংবাদ মাজুলীঃ সম্পূৰ্ণ এক ভুৱা পৰিচয়েৰে মাজুলীৰে বহু গ্ৰাহকৰ পৰা কোটি কোটি টকা লুটি উধাও হোৱা কানাডিয়ান ছলাৰ নামৰ এপছটোৰ বাতৰি প্ৰতিদিন টাইমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছত মাজুলীত ধন বিনিয়োগ কৰা গ্ৰাহকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। নামনি মাজুলীৰ গোৱালগাঁও তিনিআলিত এটা দোকান ঘৰ ভাড়ালৈ লৈ কানাডিয়ান ছলাৰৰ নামত সম্পূৰ্ণ অবৈধ ভাৱে কাৰ্যালয় খুলি প্ৰৱঞ্চনাৰ জাল পেলাই শশ লোকক ধন বিনিয়োগ কৰোৱাই সৰ্বস্বান্ত কৰা চক্ৰটো সম্প্ৰতি পোহৰলৈ আহিছে।

দিগন্ত হাজৰিকা নামৰ এগৰাকী লোকক ভৰসা কৰি ধন বিনিয়োগ কৰা বুলি বহুজনে জানিবলৈ দিয়াৰ লগতে বসন্ত শইকীয়া নামৰ শিক্ষকজনে সামাজিক মাধ্যমত পোষ্ট দি বিভিন্নজনক ইয়াত যোগ দিবলৈ আহ্বান জনোৱা বুলি জানিবলৈ দিছে। নামনি মাজুলীৰ অৰুনোদয় হাইস্কুলৰ শিক্ষক বসন্ত শইকীয়া।

ইফালে উক্ত ঘটনাত জড়িত থকা বুলি অভিযোগ উঠা শিক্ষক বসন্ত শইকীয়াক এই বিষয়ত সাংবাদিকে জানিবলৈ বিচৰাত তেওঁ প্ৰথমে সকলো কথা অস্বীকাৰ কৰাৰ লগতে আত্মপক্ষ সমৰ্থন কৰিহে কথা কোৱা পৰিলক্ষিত হ'ল। তেওঁ কানাডিয়ান ছলাৰ এটা অবৈধ এপছ বুলি কোৱাৰ লগতে এতিয়া সকলো সৰ্বস্বান্ত হোৱাৰ পিছতহে ইয়াত ধন বিনিয়োগ নকৰিবলৈ সকলোকে আহ্বান জনোৱা পৰিলক্ষিত হ'ল।

ইফালে তেওঁ বিভিন্ন হোৱাটছএপ গ্ৰুপ আৰু অন্যান্য লোকক উক্ত এপছত ধন বিনিয়োগ কৰিবলৈ উদগনি যোগোৱা বুলি বহুলোকে অভিযোগ কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ তেওঁৰ পত্নীৰ নামতহে উক্ত কানাডিয়ান ছলাৰৰ এটা আইডি থকা বুলি কয়। এফালে সকলো অভিযোগ খণ্ডন কৰি হঠাৎ ধৰ্ম যুধিষ্ঠিৰ হৈ পৰা শইকীয়াই মানুহক এই এপছত ধন বিনিয়োগ নকৰিবলৈহে কোৱা বুলিও কৈছে।

ইফালে নিজৰ পত্নীক উক্ত এপছ ব্যৱহাৰ কৰিবলৈ দিয়ালৈ চাই ব্যক্তিগৰাকীৰ ওপৰত সকলোৱে সন্দেহ প্ৰকাশ কৰিছে। ইফালে অন্যান্য লোকে অভিযোগ উত্থাপন কৰি কয় যে, শিক্ষক বসন্ত শইকীয়াই ফেচবুকৰ জড়িয়তে কানাডিয়ান ছলাৰ এপছত ধন বিনিয়োগ কৰিবলৈ মানুহক আহ্বান জনাইছিল।

এই আহ্বানৰ পিছতেই বহু নিবনুৱা যুৱকে উক্ত এপছত ধন বিনিয়োগ কৰিছিল। এগৰাকীয়ে কাৰ্যালয় খুলি ধন বিনিয়োগ কৰিবলৈ প্ৰৰোচিত কৰিছে আৰু বসন্ত শইকীয়াই ফেচবুকত পোষ্ট দি প্ৰৰোচিত কৰা বুলি বিভিন্ন জনে অভিযোগ কৰি দুয়োজনৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী তোলে।

উল্লেখযোগ্য যে, উক্ত চক্ৰটোৱে মাজুলীৰ গুৱালগাঁও তিনিআলিত কানাডিয়ান চলাৰ এপছৰ অফিচ স্থাপন কৰি সহজ সৰল মানুহক লোভ দেখুৱাই লাখ লাখ টকা বিনিয়োগ কৰাইছিল। এটা হোৱাটছএপ গ্ৰুপত এগৰাকী সুন্দৰী যুৱতীৰ হতুৱাই লোকসকলক বিভিন্ন প্লেন ক্ৰয় কৰিবলৈ উৎসাহিত কৰে।

প্ৰথম অৱস্থাত দৈনিক টকা উপাৰ্জন হোৱাত লোকসকলে অধিক উপাৰ্জনৰ লোভত বুজন পৰিমাণৰ ধন বিনিয়োগ কৰিছিল। কিন্তু যোৱা ২১ জুনৰ পৰা বিনিয়োগ কৰা লোকসকলৰ দৈনিক উপাৰ্জিত ধন ব্যক্তিগত বেংক একাউণ্টলৈ প্ৰেৰণ কৰাৰ পিছতো উপাৰ্জিত ধন বেংক একাউন্টত নোসোমাল আৰু অৱশেষত যোৱা ২৫ জুনৰ নিশা এপছটো চিষ্টেমৰ পৰা ডিলিট হৈ যায়।

ইয়াৰ লগে লগে এতিয়া ধন বিনিয়োগ কৰা মাজুলীৰ লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। বহু লোকে আনৰ পৰা টকা ধাৰ কৰিও উক্ত এপছত বিনিয়োগ কৰি এতিয়া ধন হেৰুৱাই সৰ্বস্বান্ত হৈ পৰিছে।

জানিব পৰা মতে এই এপছটোত মাজুলীৰ বহু কলেজৰ অধ্যাপক, শিক্ষক, চিকিৎসক, ঠিকাদাৰ, সম্ভ্ৰান্ত লোকেও ধন বিনিয়োগ কৰিছিল যদিও এতিয়া উক্ত উচ্চ শিক্ষিত বিনিয়োগকাৰীসকলে ধন হেৰুৱাৰ দুখ বুকুতে ৰাখি মুখলজ্জাৰ ভয়ত মুখ খুলিব বিচৰা নাই। ইফালে মাজুলীৰ পৰাই আনুমানিক ১০ কোটিতকৈ অধিক টকা উক্ত এপছটোৱে লুটি নিয়া বুলি জানিব পৰা গৈছে।

একাংশ চফটৱেৰ ইঞ্জিনীয়াৰ আৰু হেকাৰে মিলি কোনো জনপ্ৰিয় ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামত এপ খুলি এই অনলাইন বিনিয়োগৰ পিৰামিড আঁচনিৰ উক্ত ডাঙৰ খেলখন খেলি আহিছিল। ভাৰতবৰ্ষত এই আঁচনি অবৈধ হিচাপে ৰিজাৰ্ভ বেংক ২০১৫ চনতে এখন জাননী যোগে প্ৰকাশ কৰিছিল।

কিন্তু তাৰ পিছতো একাংশ অসাধু চক্ৰই তৰা এই অনলাইন বিনিয়োগৰ জালখনত ভৰি দি অসমৰ বহুলোকে শেহতীয়াকৈ সৰ্বস্বান্ত হোৱাৰ খবৰ পোৱা গৈছে। M/S CANADIAN SOLAR PVT. LTD নামৰ দিল্লীৰ এক শক্তি কোম্পানীৰ নামৰ আৰ্হিত CANADIAN SOLAR নামৰ এক মোবাইল এপছে বিভিন্ন মূল্যৰ চেয়াৰ ক্ৰয় কৰিলে প্ৰতিদিনে টকা উপাৰ্জন হোৱা গ্ৰাহকক টোপ দি অনলাইন দুনিয়াত প্ৰথমে প্ৰৱেশ কৰিছিল।

৫৫০ টকাৰ পৰা কোটি টকা পৰ্যন্ত বিনিয়োগৰ বিভিন্ন প্লেন গ্ৰাহকৰ মাজত মুকলি কৰি দুই তিনিগুন পৰ্যন্ত গ্ৰাহকক প্ৰতিদিনে ধন উভটাই দি প্ৰথমে গ্ৰাহকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল CANADIAN SOLAR। অন্যহাতে এই ঘটনাত মুখ খোলাৰ বাবে শিক্ষক বসন্ত শইকীয়াৰ পত্নীয়ে ফোন যোগে গুৱাল গাঁৱৰ যুৱকক জেলত দিয়াৰ ভাবুকি প্ৰদান কৰিছে।

কানাডিয়ান ছলাৰ এপছে মাজুলীত লুটিলে প্ৰায় ১০ কোটিঃ দোষীক শাস্তিৰ দাবী সৰ্বস্বান্ত লোকৰ...
স্বয়ম্ভু উপাযুক্ত অংকুৰক লৈ বিশালৰ ঘৰত অভিযানঃ ৰাইজৰ পহুখেদা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in