সত্ৰ নগৰী মাজুলীৰ ৰাস মহোৎসৱলৈ ৰাওনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

ৰাজ্যৰ চৌদিশে এতিয়া ৰাস মহোৎসৱৰ উলহ-মালহ পৰিৱেশ

author-image
Asomiya Pratidin
New Update
সত্ৰ নগৰী মাজুলীৰ ৰাস মহোৎসৱলৈ ৰাওনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

majuli raas

ডিজিটেল ডেস্ক : ৰাজ্যৰ চৌদিশে এতিয়া ৰাস মহোৎসৱৰ উলহ-মালহ পৰিৱেশ। সত্ৰ নগৰী মাজুলীতো ৭ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে ৰাস মহোৎসৱ। মাজুলী ৰাস চাবলৈ ৰাওনা হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে মাজুলীত ৰাস চাব মুখ্যমন্ত্ৰীগৰাকীয়ে।

মাজুলীৰ গড়মূৰস্থিত হেলিপেডত অৱতৰণ কৰিা তেওঁ পোনে পোনে যাব আৱৰ্ত ভৱনলৈ। আৱৰ্ত ভৱনত জিৰণি ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। সন্ধিয়া ৬.১০ বজাত চামগুৰী সত্ৰত ৰাস চাবলৈ যাব তেওঁ।

তাৰ পাছতেই ৬.৩৫ বজাত উপস্থিত হ'ব ভগপুৰ সত্ৰত। তাৰ পৰা পোনে পোনে ৭.৩০ বজাত উপস্থিত হ'ব বেঙেণা আটি সত্ৰত। বংশীগোপাল নাট্য মন্দিৰ, জেংৰাইমুখ ৰাস উৎসৱতো উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

নিশাটো আৱৰ্ত ভৱনত কটাই বুধবাৰে পুৱা ৯ বজাত হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী গৰাকী উভতিব গুৱাহাটীলৈ।

assam majuli himanta biswa sama raas