জেংৰাইমুখ টাউনত খেৰকটীয়া নৈৰ ভয়ংকৰ খহনীয়া: নিমিষতে জাহ গ’ল ব্ৰহ্মপুত্ৰৰ ডেৰ কোটি টকীয়া সুৰক্ষা প্ৰকল্প…

জেংৰাইমুখ টাউনত খেৰকটীয়া নৈৰ ভয়ংকৰ খহনীয়া: নিমিষতে জাহ গ’ল ব্ৰহ্মপুত্ৰৰ ডেৰ কোটি টকীয়া সুৰক্ষা প্ৰকল্প…

Published on

ডিজিটেল সংবাদ, মাজুলী: জেংৰাইমুখ টাউনত নিশাটোৰ ভিতৰত সংঘটিত হোৱা ভয়ংকৰ খহনীয়া পৰিস্থিতি সৃষ্টি হৈছে। জেংৰাইমুখ তিনিআলিৰ পুব অংশয়েদি প্ৰবাহমান খেৰকটীয়া নৈয়ে যোৱা ৫ জুলাইৰ নিশা হঠাৎ সংঘটিত হোৱা বিধ্বংসী খহনীয়াত কেন্দ্ৰীয় সংস্থা ব্ৰহ্মপুত্ৰ ব'ৰ্ডে ২০১৪ চনত ডেৰ কোটি ব্যয় সাপেক্ষে ৰূপায়ণ কৰা বল্ডাৰ পিটচিং প্ৰকল্প সম্পূৰ্ণৰূপে খহাই পেলালে। ফলত জেংৰাইমুখ তিনিআলি টাউনৰ অভ্যন্তৰভাগলৈ বৃহৎ অংশ খহাই সোমাই আহিল খেৰকটীয়া নৈখন।

উত্তৰ অসমৰ অন্যান্য জিলাৰ লগত একমাত্ৰ স্থল সংযোগী পথ জেংৰাই-হালধিবাৰী গড়কাপ্তানি পথৰ লগতে জেংৰাইমুখ তিনিআলি টাউন তথা উজনি মাজুলীলৈ তীব্ৰ ভাবুকি আহি পৰিছে । অতৰ্কিতে হোৱা এই খহনীয়াৰ ফলত জেংৰাই-হালধিবাৰী গড়কাপ্তানি পথলৈ দূৰত্বৰ পৰিমাণ মাত্ৰ ৫/৬ মিটাৰ আছেগৈ। খেৰকটীয়া নৈৰ তীব্ৰ সোঁত এই অংশত পৰে যদিও ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ দ্বাৰা ৰূপায়ণ কৰা বল্ডাৰ পিটচিংৰ দৰে শক্তিশালী প্ৰকল্প আছিল।

খহনীয়া হ'ব পৰাকৈ কোনোধৰণৰ স্বাভাৱিকতা নাছিল এই অংশত। কোনোয়ে ধাৰণা কৰিব পৰাকৈ অৱকাশ নথকা স্বত্বেও এই অপ্ৰত্যাশিত ঘটনা নিশাটোৰ ভিতৰতে সংঘটিত হোৱা লগে লগে আতংকিত জনতাই সমগ্র মাজুলীৰ পৰা আহি ভিৰ কৰিছে‌হি খহনীয়া অংশত।

এই খহনীয়া পৰিস্থিতি এতিয়াই ৰক্ষা কৰিব নোৱাৰিলে অদূৰ ভৱিষ্যতে পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা ঘনীভূত হৈছে। টিএমপিকে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তিলক দলে,মাজুলী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মা,বিজেপি জিলা সভাপতি বিৰেন শইকীয়া, সম্পাদক নৃপেন কামান আদিৰ লগত জেংৰাইমুখ টাউন উন্নয়ন সমিতি, কুমাৰবাৰী গাঁও উন্নয়ন সমিতি, বৰপমুৱা গাঁও উন্নয়ন সমিতি আদিকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি দল জেংৰাইমুখত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে বিজ্ঞানসন্মত আঁচনি গ্ৰহণ কৰি জেংৰাইমুখ তথা মাজুলীৰ ভৌগোলিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে দাবী জনাইছে। ইপিনে মাজুলীৰ স্হানীয় বিধায়ক ভূৱন গাম বৰ্তমান স্বাস্থ্যজনিত কাৰণত গুৱাহাটীত আছে।

কিন্তু জেংৰাইমুখৰ এই খহনীয়াৰ খৱৰ পোৱাৰ লগে লগে তৎপৰতা গ্ৰহণ কৰি জলসম্পদ বিভাগ তথা মাজুলী জিলা প্ৰশাসনক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগে লগে আজি পুৱা ছয় বজাতে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা কমলজিৎ গায়ন, মাজুলী মহকুমা বিষয়া জগদীশ দলে, কনিষ্ঠ অভিযন্তা নৱ বৰা উপস্থিত হৈ সুৰক্ষা সম্পৰ্কীয় প্ৰাথমিক কাম হিচাপে বাঁহৰ ক্ৰীপচ,গছৰ ডাল আৰু জিঅ'বেগৰ জৰিয়তে ইয়াৰ সুৰক্ষামূলক কাজ আৰম্ভ কৰিছে।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in