জুবিন গাৰ্গে ঘূৰাই দিব লাগিব 'সংগীত সিন্ধু' উপাধি !

সমগ্ৰ বিষয় জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্রীক অৱগত কৰাৰ সিদ্ধান্তও সত্ৰ মহাসভাই গ্ৰহণ কৰে

author-image
Asomiya Pratidin
New Update
জুবিন গাৰ্গে ঘূৰাই দিব লাগিব 'সংগীত সিন্ধু' উপাধি !

ডিজিটেল ডেস্ক : জনপ্ৰিয় সংগীত শিল্পীজুবিন গাৰ্গৰ বিৰুদ্ধে মাজুলী জিলা সত্র মহাসভাই লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শিল্পীগৰাকীক মাজুলীত সাংস্কৃতিক অনুষ্ঠানলৈ নিমন্ত্রণ দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে জিলা সত্ৰ মহাসভাই।

ইফালে মাজুলীৰ পৰা শিল্পীগৰাকীক প্ৰদান কৰা 'সংগীত সিন্ধু' উপাধি জুবিনক নিজে গৈ ঘূৰাই দিবলৈ প্রস্তাৱ গ্রহণ কৰাৰ কথা জানিব পৰা গৈছে। এই সমগ্ৰ বিষয় জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্রীক অৱগত কৰাৰ সিদ্ধান্তও সত্ৰ মহাসভাই গ্ৰহণ কৰে।

আনহাতে মাজুলী জিলা সত্ৰ মহাসভাই ৰাজহুৱা কৰা এক জাননীত উল্লেখ কৰে যে অহা ২৯ এপ্রিলত পূব মাজুলীত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছে। উক্ত দিনা অনুষ্ঠান পৰিৱেশন কৰিলে যিকোনো অপ্রীতিকৰ পৰিৱেশৰ বাবে আয়োজক সমিতি তথা প্রশাসন জগৰীয়া হ’ব বুলি উল্লেখ কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কিছুদিন পূৰ্বে শিল্পী জুবিন গাৰ্গে মাজুলীত সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিল। উক্ত দিনা শিল্পীগৰাকীয়ে মঞ্চত কৰা বিতৰ্কিত মন্তব্যৰ বাবে মাজুলী জিলা সত্ৰ মহাসভাই অসন্তুষ্টি প্ৰকাশ কৰিছে।

Also Read: প্ৰত্যাহ্বান নেওচি মুগা শিল্পই ঢকুৱাখনাৰ মুগা পালকৰ মুখলৈ আনিছে প্ৰাপ্তিৰ হাঁহি

majuli Assam Satra Mohasabha zubeen garg satra