ডিজিটেল সংবাদ,মাজুলী : দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ কথা কোৱা খোদ শাসকীয় বিজেপি দলৰ পঞ্চায়ত প্ৰতিনিধিয়ে কৰা অবাধ দুৰ্নীতিৰ বাবে মাজুলীত ৰাইজৰ ৰোষত পৰিব লগা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি ৰঙাচাহী বৰনলনি চাৰিআলিৰ পৰা বাঁহপৰা সংযোগী কৃষি বান্ধ নিৰ্মাণ ৯ লাখ ৫১ হেজাৰ টকাৰ এটি নতুন আঁচনি অনুমোদিত হৈছে।
এই নতুন প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰিবলৈ অহা উজনি মাজুলী উন্নয়ন খণ্ডৰ ৰঙাচাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত সাত নম্বৰ বৰ নলনি ৱাৰ্ড সদস্যাগৰাকীক ক্ষুব্ধ ৰাইজে ঘেৰাও কৰে। একাংশ ৰাইজে বিভিন্ন উন্নয়নমূলক আঁচনিত হোৱা অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
গাঁৱখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণত কৰা বিয়াগোম দুৰ্নীতি তথা অনিয়মৰ বিৰুদ্ধে ক্ষোভৰ বহিঃ প্ৰকাশ ঘটোৱাৰ বাবে পূৰ্বৰে পৰা সুবিধা বিচাৰি থকা একাংশ সচেতন ৰাইজে অৱশেষত সুযোগ লাভ কৰি প্ৰতিটো কামৰ জবাবদিহি কৰে। বিশেষকৈ বৰনলনি পকী দলংৰ পৰা টানেং পথ নিৰ্মাণ ৯ লাখ টকা,১৬০ নং বীণাপানী এল পি স্কুল বেৰা নিৰ্মাণ ৫ লাখ টকা, পানী টেংকি নিৰ্মাণ ২ লাখ ৮৫ হেজাৰ টকা, ১৬০নং বীনাপানী এল পি স্কুল মেৰামতি ৩ লাখ টকা আদিকে ধৰি বিভিন্ন আঁচনিত পঞ্চায়ত প্ৰতিনিধি হৈ ঠিকাদাৰী হিচাপে কাম কৰা বুলি অভিযোগ তোলে।
অতি গুৰুতৰ অভিযোগটো হৈছে উক্ত আঁচনিসমূহত সাংঘাতিক ধৰণে সংঘটিত হোৱা অনিয়মৰ বিৰুদ্ধ সোচ্চাৰ হৈ পৰে গাঁৱবাসী। ১৬০ নং বীণাপানী এল পি স্কুল বেৰা নিৰ্মাণ ৫ লাখ টকাৰ আঁচনিত মাত্ৰ কেই ফুটমান কাম কৰিয়েই সিংহভাগ ধন আত্মসাৎ কৰে।
একেদৰে একেখন বিদ্যালয়ৰ মেৰামতি আঁচনি ৰূপায়ণৰ নামত কেৱল টিনপাটবোৰ নতুন লগোৱাৰ লগতে ফ্লৰ,দুই এটা দৰ্জা,খিৰিকী লগাই কাম সামৰাৰ অভিযোগ। তদুপৰি বৰনলনি পকী দলংৰ পৰা টানেং পথ নিৰ্মাণ ৯ লাখ টকাৰ কামত আঁচনিৰ প্ৰাককলনমতে বহল আৰু ওখ কৰা নহ'ল বুলি উল্লেখ কৰে।
পঞ্চায়ত প্ৰতিনিধিগৰাকীৰ বিয়াগোম দুৰ্নীতি ইমানতেই শেষ হোৱা নাই। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ নামত ৩ হেজাৰৰ পৰা ৭ হেজাৰ পৰ্যন্ত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
ঘৰ দিয়াৰ প্ৰলোভন বৰনলনি গাঁৱৰ বিৰেন পাংগিং,বিজয় কাৰদং, ৰোহিনী পাংগিং, ধৰ্ম পায়েং,নন্দ পামে আদিকে ধৰি বিভিন্ন লোকৰ পৰা বৃহৎ পৰিমাণৰ ধন আদায় কৰে যদিও এইসকল লোকে বৰ্তমানলৈকে ঘৰ লাভ কৰিবলৈ সক্ষম নহ'ল। ইতিপূৰ্বে পঞ্চায়ত সদস্যাগৰাকীক দিয়া ধন ঘূৰাই দিবলৈ দাবী তুলি ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
Also Read: ওদালগুৰিত যোগাসন প্রতিযোগিতাৰ সফল সামৰণি