২১ যোৰা আকাশবন্তি প্ৰজ্বলনেৰে আউনীআটী সত্ৰত পালন কৰিব কাতি বিহু...

এয়া ৩৭১ বছৰীয়া পৰম্পৰা...
২১ যোৰা আকাশবন্তি প্ৰজ্বলনেৰে আউনীআটী সত্ৰত পালন কৰিব কাতি বিহু...
Published on
Updated on

ডিজিটেল সংবাদ,মাজুলীঃ আজি অসমীয়াৰ বাপতিসাহোন কাতি বিহু। মাজুলীত কাতি বিহু শাৰদীয় মুখ্য উৎসৱ হিচাপে গণ্য কৰা হয়। ৰাসোৎসৱ, পালনাম আৰু কাতি বিহু মুখ্য উৎসৱ মাজুলীৰ। আউনীআটী সত্ৰ,দক্ষিণপাট সত্ৰ,গড়মুৰ সত্ৰত ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি আকাশবন্তি প্ৰজ্বলন কৰা হব। ঐতিহাসিক আউনীআটী সত্ৰত ৩৭১ বছৰীয়া পৰম্পৰাৰে কাতি বিহু উদযাপন কৰিছে। সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা এই পৰম্পৰা চলি আহিছে।

সত্ৰৰ কীৰ্তন ঘৰৰ নিচেই সমীপত প্ৰজ্বলন কৰা হব ২১ যোৰা আকাশবন্তি। সত্ৰৰ পৰম্পৰা অনুসৰি গায়ন বায়ন,ঢুলীয়া-খুলীয়া,ওজাপালী,নটুৱাৰ লগতে সংকীৰ্ত্তনৰ মাজেৰে সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ, বৰপূজাৰী বয়োজেষ্ঠ বৈষ্ণৱ সকলে সন্ধিয়ালে ২১ যোৰ আকাশবন্তি প্ৰজ্বলন কৰিব।

আউনীআটী সত্ৰত পৰম্পৰাগত বৰ্ণাঢ্য কাৰ্যসূচীৰে কাতি বিহু উদযাপন কৰাৰ লগতে মাজুলীৰ অন্য ৩৫ খন সত্ৰই নিৰ্দিষ্ট পৰম্পৰা অনুসৰি কাতি বিহু পালন কৰিব। দক্ষিণপাট সত্ৰত ৭ যোৰা আৰু গড়মূৰ সত্ৰত ৩ যোৰা বন্তি প্ৰজ্বলন কৰিব। উত্তৰ কমলাবাৰী সত্ৰত নাম প্ৰসংগ, গায়ন-বায়ন আদিৰে অনুষ্ঠিত কৰিব কাতি বিহু। গাঁও সমূহতো পৰম্পৰা অনুসৰি পালন কৰা হব কাতি বিহু।

২১ যোৰা আকাশবন্তি প্ৰজ্বলনেৰে আউনীআটী সত্ৰত পালন কৰিব কাতি বিহু...
১৯ অক্টোবৰত ঘোষণা হোৱাৰ সম্ভাৱনা কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in