ডিজিটেল সংবাদ, মাজুলীঃ মাজুলীৰ লুহিত খাবলুৰ অন্তৰ্গত গড়মূৰ নগৰ গাওঁত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। যাদৱ দাস নামৰ পাষণ্ড স্বামীয়ে মঙলবাৰে পুৱা নিজ গৃহতে পত্নী কণমাই ওৰফে অনিতা দাসক সুৰাসক্ত অৱস্থাত পেট্ৰোল ঢালি জ্বলাই দিয়ে।
জানিব পৰামতে পূৰ্বেও যাদৱ দাসে পত্নী অনিতা দাসক অত্যাচাৰ কৰি হাত ভাঙিছিল। গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা কণমাই দাসক গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
পত্নীক জ্বলাই দিয়াৰ সময়তে যাদৱ দাসো কিছু পৰিমাণে অগ্নিদগ্ধ হয়। স্থানীয় ৰাইজে মহিলাগৰাকীৰ শৰীৰৰ জুই নুমাবলৈ সক্ষম হয় যদিও গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী। ধৃত যাদৱ দাসক ইতিমধ্যে গড়মূৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।
Also Read: চিমলাৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱলৈ 'ফাগু খেলে কৰুণাময়' তথ্যচিত্র...