সাংসদ গৌৰৱ গগৈক সাক্ষাৎ : টি এম পি কে আৰু এম এম কেৰ কেইবাগৰাকী বিষয়ববীয়াক নিলম্বন

সাংসদ গৌৰৱ গগৈক সাক্ষাৎ : টি এম পি কে আৰু এম এম কেৰ কেইবাগৰাকী বিষয়ববীয়াক নিলম্বন
Published on
Updated on

ডিজিটেল সংবাদ,মাজুলী : নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈক সাক্ষাৎ কৰাৰ বাবে টি এম পি কে আৰু এম এম কেৰ কেইবাগৰাকী বিষয়ববীয়াক নিলম্বন কৰিছে সংগঠনৰ শীৰ্ষ নেতৃত্বই। শনিবাৰে টি এম পি কেৰ এক বিবৃতিযোগে এই কথা ৰাজহুৱা কৰে।

বিবৃতিত উল্লেখ থকা অনুসৰি ৫জুলাইৰ দিনা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সভাকক্ষত টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ কেন্দ্ৰীয় ক’ৰ সমিতিৰ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সেই অনুসৰি সভাই সংগ্ৰামৰ নীতিৰ পৰিপন্থী কাৰ্যত লিপ্ত হোৱাৰ কাৰণে এম এম কেৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ৰাজীৱ পেগু, টি এম পি কেৰ কেন্দ্ৰীয় সদস্য ৰাজু চিত্তে, মাজুলী জিলা সমিতিৰ সভাপতি টুটু পাংগিং, উপ সভাপতি লিয়াদ প্ৰতীম ৰেগান, শিক্ষা সম্পাদক উত্তম নৰহক সংগঠনৰ সকলো পদবীৰ পৰা নিলম্বন কৰে। একেদৰে এম এম কেৰ মাজুলী জিলা সমিতিৰ সম্পাদক ৰিকি দলে আৰু যুটীয়া সম্পাদক ঈৰ্ষাৰন্দ নৰহক সংগঠনৰ সকলো পদ আৰু সাংগঠনিক কাম-কাজৰ পৰা অনিৰ্দিষ্টকাললৈ নিলম্বন কৰিছে কেন্দ্ৰীয় সমিতিয়ে।

উল্লেখযোগ্য যে সংগঠনৰ নীতিৰ বিপৰীতে কামত লিপ্ত হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় সমিতিয়ে। লগতে উল্লেখ কৰে যে মাজুলী জিলাৰ সাংগঠনিক সমস্যা সম্পৰ্কে আলোচনা কৰিবলৈ অহা ৮জুলাইৰ দিনা জৰুৰী জিলা কাৰ্যনিৰ্বাহ সভা আহ্বান কৰিবলৈ নিৰ্দেশ দিয়াৰ কথা বিবৃতিত উল্লেখ কৰে। উক্ত কাৰ্যনিৰ্বাহক সভাত সংগঠনৰ পৰা অৱ্যাহতি দিয়া উল্লেখিত ব্যক্তিসকল উপস্থিত থাকিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বানাক্ৰান্ত ৰাইজৰ দুৰ্দশাৰ বুজ ল’বলৈ সাংসদ গৌৰৱ গগৈ মাজুলীলৈ আহোতে আলোচনাত মিলিত হৈছিল অৰাজনৈতিক সংগঠনৰে। টি এম পি কে আৰু এম এম কেৰ জিলা সমিতিয়ে সাংসদগৰাকীক সাক্ষাৎ কৰি মাজুলীৰ ভিন্ন সমস্যা সমাধানৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

সাংসদ গৌৰৱ গগৈক সাক্ষাৎ : টি এম পি কে আৰু এম এম কেৰ কেইবাগৰাকী বিষয়ববীয়াক নিলম্বন
এনেবোৰ অৱস্থাত ভগৱান শিৱক সপোনত দেখিলে ভাল ফল পাব আপুনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in