নাই বিদ্যুৎ ব্যৱস্থা : মনিকাঞ্চন ক্ষেত্ৰত টৰ্চৰ পোহৰতে পাঠ কৰিব লগা হৈছে ভাগৱত

নাই বিদ্যুৎ ব্যৱস্থা : মনিকাঞ্চন ক্ষেত্ৰত টৰ্চৰ পোহৰতে পাঠ কৰিব লগা হৈছে ভাগৱত
Published on
Updated on

ডিজিটেল সংবাদ,মাজুলী : শংকৰ-মাধৱদেৱৰ মনিকাঞ্চন ক্ষেত্ৰ আঁহতগুৰিত টৰ্চ আৰু ম'বাইলৰ পোহৰত ভাদমহীয়া ভাগৱত পাঠ ৷ যিসময়ত আজি চন্দ্ৰযান -৩ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে,স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনথলী আঁহতগুৰিত নাই বিদ্যুতৰ ব্যৱস্থা।

জানিব পৰামতে ২০১৭ চনত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিত চ'লাৰ প্ৰজেক্টৰ ব্যৱস্থা কৰিছিল। কিন্তু এই প্ৰজেক্টৰ ৫বছৰ উকলি যোৱাৰ পিছত এতিয়া নজ্বলে লাইট-নচলে পাঙ্খা।

মাজুলীৰ মূল ভূ-খণ্ডৰ পৰা বিচ্ছিন্ন এই মণিকাঞ্চন ক্ষেত্ৰত অতি সোনকালে জিলা প্ৰশাসন তথা স্থানীয় বিধায়কগৰাকীক বিদ্যুতৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গাঁৱবাসীয়ে অনুৰোধ জনাইছে। এনেদৰেই টৰ্চ-চাকিৰ পোহৰত নিতৌ কৰিব লগা হৈছে গুৰুজনাৰ পৱিত্ৰ ভাদমহীয়া নাম।

নাই বিদ্যুৎ ব্যৱস্থা : মনিকাঞ্চন ক্ষেত্ৰত টৰ্চৰ পোহৰতে পাঠ কৰিব লগা হৈছে ভাগৱত
চাংসাৰিৰ এইমছত জঘণ্য হত্যাকাণ্ডঃ সতীৰ্থ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in