ডিজিটেল সংবাদ মাজুলীঃ মাজুলীৰ শ-শ কৃষকৰ মাজত এতিয়া হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ উজনি মাজুলীৰ কোঁটাই নাহৰনী, গায়নগাঁও, আৰ্দশ দলনি, গৰৈমাৰি আদিকে ধৰি মাজুলীৰ বিভিন্ন স্থানত এতিয়া চৰহা পোকে কৃষকৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে৷
বানে জুৰুলা কৰাৰ পিছত দ-চনকা পথাৰসমূহত কৃষকে শালি, বাঁও ধানৰ খেতি কৰি শেষ কৰিছিল যদিও এতিয়াা সজাল ধৰা পথাৰ দৰালৈ চাই হুমুনিয়াহ কাঢ়িব লগা হৈছে সাধাৰণ কৃষকে ৷ এবিঘা মাটিত ট্ৰেক্টৰৰ সহায়ত হাল বোৱাত ১৫০০ পৰা ২০০০ টকা, ৰোৱনীৰ বাবদ ৫০০ পৰা ১০০০ টকা খৰচ কৰি ৰনজিৎ, চৈমাৰি, বৰ ৰনজিৎ আদি কঠীয়া ৰোৱাৰ পিছত বৰ্তমান সজাল ধৰিছিল যদিওঁ এতিয়া এজন, এজন কৃষকৰ পথাৰৰ সমষ্ট ধান চৰহা পোক আৰু উকনি সদৃশ এজাত পোকে খাই তহিলং কৰিছে।
ফলত কৃষকসকল চিন্তিত হৈ পৰিছে ৷ ইফালে এনে দুৰৱস্থাৰ পিছতো কৃষি বিভাগৰ তৰফৰ পৰাও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
Also Read: যোৰহাটৰ CSIR-NEIST ত CBI ৰ অভিযানঃ দুজনক গ্ৰেপ্তাৰ, কেইবাজনো সোধ-পোছ...