শাহুয়েকক হত্যা কৰি জোৱায়েকে ঘৰৰ ভিতৰত পুতি থ'লে মৃতদেহ

শাহুয়েকৰ মৃতদেহ নিজৰ জোৱায়েকৰ ঘৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাক লৈ মানকাচৰত চাঞ্চল্যৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
শাহুয়েকক হত্যা কৰি জোৱায়েকে ঘৰৰ ভিতৰত পুতি থ'লে মৃতদেহ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰৰ ওখৰাবাৰীত ৫৮ বছৰীয়া শাহুয়েকৰ মৃতদেহ নিজৰ জোৱায়েকৰ ঘৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাক লৈ মানকাচৰত চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত বাতৰি মতে, মানকাচৰ থানা এলেকাৰ অধীনস্থ পুৰাণদিয়াৰাৰ উৰুৱামাৰী গাঁৱৰ প্ৰয়াত জমুদ্দিন সেখৰ পত্নী মজিমা খাতুন(৫৮)ৰ মৃতদেহ বৃহস্পতিবাৰে জোৱায়েকৰ ঘৰৰ ভিতৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়। মহিলা গৰাকী যোৱা তিনি দিন পূৰ্বে নাতিনীয়েকক টকা দিবলৈ জোৱায়েকৰ ঘৰত ফুৰিবলৈ গৈছিল।

সেই নিশা ঘৰখনতে আশ্ৰয় লৈছিল। নাতিনীয়েকৰ সন্মুখতে জোৱায়েক মনোৱাৰ হুচেইনে শাহুয়েকক হত্যা কৰি ঘৰৰ ভিতৰত গাত খান্দি মাটিত পুতি থোৱা বুলি অভিযোগ উত্থাপন হৈছে।

ইফালে তিনিদিন ধৰি নিখোজ হৈ থকা বুলি মহিলা গৰাকীৰ পৰিয়ালৰ ফালৰ পৰা মানকাচৰ থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষী ঘটনাৰ অনুসন্ধান চলাই থকাৰ মাজত আজি মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

কণমানি শিশুটি পিতৃৰ অপকাণ্ডৰ বিষয়ে গাওঁবাসীক অৱগত কৰাত গাওঁবাসীয়ে আজি মানকাচৰ থানাত খবৰ দিয়ে। ফলত আজি দিনৰ প্ৰায় ১.৩০ বজাত মানকাচৰ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলাই ঘৰৰ ভিতৰত মাটিত পুতি থোৱা অৱস্থাত মৃতদেহটি উদ্ধাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

লক্ষণীয় যে ওখৰাবাৰী গাঁৱৰ ফজল হকৰ পুত্ৰ মনোৱাৰ হুছেইন নামৰ লোকজনে তিনিবাৰকৈ বিয়া পাতিছে। বিয়াৰ পাছত এগৰাকী বড়ো মহিলাক মনোৱাৰে প্ৰায় ১২ বছৰ পূৰ্বে হত্যা কৰি গাঁওখনৰ পথাৰৰ মাজত মাটিত পুতি ৰাখিছিল বুলি অভিযোগ আছে। এই ঘটনাৰ বাবে আৰক্ষীয়ে মনোৱাৰক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। বৰ্তমানেও উক্ত গোচৰ প্ৰক্ৰিয়া চলি থকাৰ লগতে উপযুক্ত প্ৰমাণ আৰক্ষীয়ে দিব নোৱাৰাৰ বাবে তেওঁ জামিনত আছে। বড়ো মহিলা গৰাকী মনোৱাৰৰ তৃতীয় পত্নী আছিল।

ইফালে হত্যাৰ বলি হোৱা শাহুয়েক মজিমা খাতুনৰ জীয়েক জামিলা খাতুন মনোৱাৰৰ দ্বিতীয় পত্নী। দুটাকৈ সন্তাৰ মাতৃগৰাকীয়ে এটা সন্তানক স্বামী গৃহত এৰি আন এটা সন্তানক লৈ অন্য এগৰাকী লোকৰ সৈতে পলায়ন কৰিছিল। এই ঘটনাক লৈয়ে মনোৱাৰে শাহুয়েকক হত্যা কৰা বুলি গাওঁবাসীয়ে সন্দেহ কৰাৰ লগতে আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে। ঘটনাৰ পাছতে মনোৱাৰসহ তেওঁৰ পৰিয়ালত থকা মুঠ ১০ গৰাকী ব্যক্তি ইতিমধ্যে পলায়ন কৰিছে।

Also Read: নিচামুক্তি কেন্দ্ৰত ৰোগীক শাৰীৰিক-মানসিক নিৰ্যাতনৰ অভিযোগ

Assam police