ডিজিটেল ডেস্ক: ভগৱানলৈ এখন আৱেদন। এজন ভক্তৰ আৱেদন এয়া। কৈলাশপতি শিৱৰ ওচৰত আৱেদন এই ভক্তৰ। ভক্তক একো নালাগে।এটা সৰু অনুৰোধ ভগৱানৰ ওচৰত ভক্তৰ। মন্দিৰ, মছজিদে বহু মানুহ আপুনি দেখিছে।কাৰোবাৰ যদি বেমাৰ আন কাৰোবাৰ এৰাব নোৱাৰা সমস্যা।
আৰাধনাস্থলীত থিয় হৈ কোনোবাই দুই হাতেৰে প্ৰাৰ্থনা জনাই আন কোনোবাই দোৱা মাগি কয় হে প্ৰভু ৰক্ষা কৰা। বা হে আল্লা। ধৰ্ম অনুসৰি এনেদৰে ভগৱানক আৰাধনা কৰে। মানুহৰ শেষ ভৰষা হৈ পৰে ইশ্বৰ, আল্লা, গড।
এখন চিঠি ওলাল এটা দান পাত্ৰত।চিঠিখন লিখোতাই এখন বগা কাগজৰ উপৰি ভাগত প্ৰথমে আকিছে এডাল ত্ৰিশূল। তাৰপাছত লিখিছে মোৰ সংসাৰখন জোৰা লগাই দিয়া ভগৱান।
শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰৰ দান পাত্ৰত ওলাল এই পত্ৰ। ভগনৱানক দক্ষিনা দিয়া সলনি এখন কাগজত নিজে বিচৰাখিনি লিখি ভৰাই থৈ গ'ল সেই দানপাত্ৰত। এতিয়া বহুতৰে সংসাৰ টনা আজোৰা।
শিৱই যেন তেওঁলোকৰ বাবে শেষ ভৰষা। হৰ গৌৰীৰ এই আখ্যানে গঢ়ি তুলিছে এক পৰম্পৰীয়া বিশ্বাস। নহ'লে কোনোবাই ভগৱান শিৱলৈ কৰেনে এই আৱেদন।
আৰু পঢ়ক: বাথৰুমৰ নীলপৱন বৰুৱাক আমি কিয় চাম...