মানকাচৰৰ ৩৪খন পূজা মণ্ডপত আধ্যাত্মিক পৰিৱেশৰ মাজত দুৰ্গোৎসৱ উদযাপন...

মানকাচৰৰ ৩৪খন পূজা মণ্ডপত আধ্যাত্মিক পৰিৱেশৰ মাজত দুৰ্গোৎসৱ উদযাপন...
Published on
Updated on

ডিজিটেল সংবাদ,মানকাচাৰঃ মানকাচৰৰ ৩৪খন দুৰ্গা পূজা মণ্ডপত আধ্যাত্মিক পৰিৱেশৰ মাজত দুৰ্গোৎসৱৰ আয়োজন কৰা হৈছে। যদিও ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰাৰে আজি বিজয়া দশমী উদযাপন কৰা হব কিন্তু কাইলৈ ৪খনকৈ নৈৰ ঘাটত দেৱীক বিসৰ্জন দিব।

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৩৪খনকৈ দুৰ্গা পূজা মণ্ডপত আধ্যাত্মিক পৰিৱেশৰ মাজত নিশা দুৰ্গোৎসৱ নৱমী উদযাপন কৰা হয়। মানকাচৰৰ প্ৰতিখন পূজা মণ্ডপত যথেষ্ট পৰিমাণে ভক্তৰ সমাগম হোৱা দেখা যায়।

ভক্তসকলে দেৱীৰ চৰণত আশীষ গ্ৰহণ কৰাৰ লগতে দেৱীৰ আৰাধনা কৰা পৰিলক্ষিত হয়। আজি পুৱা ৬ বজালৈ নৱমীৰ বাবে হাটশিঙিমাৰীৰ মহামায়া ধাম, খানাপাৰা আৰু মেঘালয়ৰ সৎসঙ্গ নগৰত বিশেষ পূজাৰ আয়োজন কৰা হয়।

আজি পুৱা ৬ বজাৰ পাচত ইতিমধ্যে বিজয়া দশমী আৰম্ভ হৈছে যদিও আজিৰ দিনতো দেৱী মাক মন্দিৰতে ৰাখি কাইলৈ বিসৰ্জন দিয়া হব বুলি পূজা সমিতি সমূহে জানিবলৈ দিছে।

মানকাচৰৰ ৩৪খন পূজা মণ্ডপত আধ্যাত্মিক পৰিৱেশৰ মাজত দুৰ্গোৎসৱ উদযাপন...
কচুৱাত মহিলাৰ ৰহস্যজনক মৃত্যুঃ আটক স্বামী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in