ডিজিটেল সংবাদ, মানকাচৰঃ শান্তপূৰ্ণভাবে সম্পন্ন হ’ল মানকাচৰৰ সুখচৰ সমবায় সমিতি লিমিটেডৰ সাধাৰণ নিৰ্বাচন। ১৫খন আসনৰ ভিতৰত ১৪ খনেই কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ। ৫খন গাওঁ পঞ্চায়তক লৈ গঠন হোৱা সুখচৰ সমবায় সমিতিৰ ভোটগননা দেওবাৰে পুৱতি নিশা ৩ বজাত সম্পন্ন হয়।
কটকটীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণ ভাবে শনিবাৰে পুৱা ৮ বজাৰ পৰা সমবায় সমিতিখনৰ ভোটগণনা আৰম্ভ হৈছিল। সুখচৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় ভোটগণনা। মুঠ ১৫খন আসনৰ বাবে ৪৫ গৰাকী প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনৰ বাবে প্ৰতিদন্দিতা কৰিছিল। যোৱা ১০ আগষ্ট তাৰিখে ২,১২৫ গৰাকী ভোটাৰে ভোটদান কৰাৰ পাছত শনিবাৰে পুৱাৰ পৰা প্ৰায় ১৯ ঘণ্টা ধৰি ভোটগণনা কৰা হয়।
সুখচৰ সমবায় সমিতিত পূৰ্বৰ সভাপতি মোস্তাউৰ ৰহমান এইবাৰো কংগ্ৰেছৰ দলৰ সমৰ্থিত প্ৰাৰ্থী আছিল। মোস্তাউৰ ৰহমান সহ মুঠ ১৪ জন কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী জয়ী হোৱাৰ লগতে এগৰাকী এআইইউডিএফ সমৰ্থিত প্ৰাৰ্থী জয়ী হৈছে। তৃতীয়বাৰৰ বাবে মোস্তাউৰ ৰহমানে সমবায় সমিতিখনৰ সভাপতি হিচাপে দায়িত্ব ল'ব।
Also Read: তিতাবৰ ফুলবাৰীত মহিলা সন্ধানহীনৰ ঘটনা...