ডিজিটেল সংবাদ, মানকাচৰঃ মঙলবাৰৰে পৰা আৰম্ভ হৈছে বিশ্ব স্তনপান সপ্তাহ। ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো এই সপ্তাহটি ছেক্টৰ পৰ্যায়ত পালন কৰা হয়। জিলাখনৰ ৩খন সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ৫ শতাধিক অংগনবাদী কেন্দ্ৰত সপ্তাহজোৰাকৈ চলিবলগীয়া এই বিশ্ব স্তনপান সপ্তাহৰ বাবে জিলা সমাজ কল্যাণ বিভাগে বিভিন্ন কাৰ্যসূচী হাতত লৈছে।
প্ৰথম দিনা ছেক্টৰ পৰ্যায়ত ছুপাৰ ভাইজাৰৰ দ্বাৰা মাতৃসকলক স্তনপান সম্পৰ্কে বিস্তাৰিত ভাবে আলোকপাত কৰা হয়। শিশুসকলক জন্মৰ পৰা ৬ মাহ বয়সলৈকে কেৱল মাতৃৰ দুগ্ধ পান কৰাৰ বাহিৰে অন্য কোনো বস্তু শিশুক যাতে নিদিয়ে তাক লৈ সজাগতামূলক ভাষণ প্ৰদান কৰা হয়।
মানকাচৰৰ ২৯ নং কঠালবাৰী খ অংগনবাদী কেন্দ্ৰত কঠালবাৰী ছেক্টৰৰ ছুপাৰ ভাইজাৰ ঝৰ্ণা ৰাণীৰ উপস্থিতিত মাতৃসকলক লৈ এই সপ্তাহৰ প্ৰথম কাৰ্যসূচী পালন কৰা হয়। শিশুসকলৰ মাতৃৰ স্তনপান কৰোৱাৰ লগতে স্তনপান সম্পৰ্কে মাতৃসকলক ছুপাৰভাইজাৰ গৰাকীয়ে অৱগত কৰে।
Also Read: বগীবিলত বন বিভাগৰ উচ্ছেদ অভিযানঃ গাঁওবুঢ়াৰ বিৰুদ্ধে টকা লোৱাৰ অভিযোগ