ডিজিটেল সংবাদ, মানকাচৰ : মানকাচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত ১ কোটি ৯ লাখ ৯৬ হাজাৰ টকাৰ ড্ৰাগছ জব্দ আৰক্ষীৰ। বাংলাদেশ সীমান্তৱৰ্তী পূবেৰ গাঁৱত উদ্ধাৰ কৰা হয় এই বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী।
জব্দাকৃত সামগ্ৰীসমূহৰ ভিতৰত ২১,২৮৮ টা নিচাযুক্ত টেবলেট আৰু ১৬০ বটল কফ চিৰাফ জব্দ কৰাৰ তথ্য প্ৰকাশ কৰিছে। উল্লেখ্য ড্ৰাগছ ব্যৱসায়ী সুৰজ মিয়াৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য।
আনহাতে আৰক্ষীৰ অভিযানৰ উমান পাই ড্ৰাগছ মাফিয়া সুৰজ মিয়া পলায়ন কৰে। ড্ৰাগছখিনি নিজৰ ঘৰত মজুত কৰি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ত সৰবৰাহ কৰাৰ কথা পোহৰলৈ আহিছে। উল্লেখ্য যে, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষীয়ে।
Also Read: বন্যহস্তীৰ বিচৰণত আতংকিত পথচাৰীৰ-চাহশ্ৰমিক, কাণসাৰ নাই বনবিভাগৰ...