ডিজিটেল সংবাদ, মঙলদৈ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক "ৰ্স্মাট" আৰক্ষী হিচাপে গঢ় দিব বিচৰা সময়তেই এচাম দুৰ্বৃত্তই নিত্য নতুন কৌশলৰে ধন লুটৰ কাৰ্য চলাই থকাত সাধাৰণ নাগৰিক অতিষ্ট হৈ পৰিছে। যোৱা ২৭ আগষ্টৰ দিনা মঙলদৈ চহৰৰ ইন্ডাষ্টি চ'কৰ নিৱাসী তথা জিলা পৰিবহন বিভাগৰ অৱসৰী কৰ্মচাৰী সোনেশ্বৰ ডেকাই চহৰখনৰ ভেবাৰঘাটস্থিত ভাৰতীয় ষ্টেট বেংকৰ বজাৰ শাখাৰ এটিএমৰ পৰা নিজৰ ধন উলিয়াব অহাত ফুচুলাই সলনি কৰি লৈ যায় তেওঁৰ ATM খন।
কৰ্মচাৰীগৰাকীয়ে ঘৰলৈ উভতি অহাৰ তিনিদিন পিছতহে পোহৰলৈ আহে ATM সলনি নিয়াৰ কথা, দুৰ্বৃত্তই ন ন কৌশল জাল পাতি সলনি কৰি নিয়ে ATM খন আৰু ইয়াৰ পিছতেই কেইবাবাৰো ATM খন ব্যৱহাৰ কৰি লুটিলে বৃহৎ পৰিমাণৰ ধন।
সোনেশ্বৰ ডেকাই ততাতৈয়াকৈ বেংকত গৈ একাউন্ট বন্ধ কৰি দিয়াৰ লগতে মঙ্গলদৈ থানাত দাখিল কৰে এজাহাৰ। কিন্তু সেই সময়লৈকে লোক জনৰ ATM ব্যৱহাৰ কৰি লুটি নিলে ১ লাখ ৭০ হাজাৰ টকা। মঙ্গলদৈ প্ৰায়ে সংঘটিত হৈ আহিছে এনে ধৰণৰ ঘটনা। টাৰ্গেট হৈ পৰিছে জ্যেষ্ঠ অৱসৰী সহজ সৰল লোক। জীৱনজোৰা কষ্ট উপাৰ্জিত ধন লুটি নিয়াত হাহাকাৰ লাগিছে পৰিয়ালটোৰ। এই ক্ষেত্ৰত আৰক্ষীৰ কি ভূমিকা হয় সেয়া হল লক্ষণীয়।
আৰু পঢ়ক: ভাঙি পেলোৱা হ'ল পুনৰ এখন মাদ্ৰাছাঃ শিক্ষকৰ ৰূপত দীৰ্ঘদিনে এজনে চলাই আছিল জেহাদীৰ কাৰ্যকলাপ…