ওন্দোলাঝাৰৰ এজাক মহিলাই দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন

ওন্দোলাঝাৰৰ এজাক মহিলাই দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন
Published on
Updated on

ডিজিটেল সংবাদ, মঙলদৈঃ ওন্দোলাঝাৰৰ এজাক মহিলাই দেখুৱাই আহিছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন। মহিলা সৱলীকৰণৰ লক্ষ্যৰে দৰং জিলাৰ পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ ওন্দোলাঝাৰৰ ৩২০ গৰাকী মহিলাই সমবায় ভিত্তিত আগবাঢ়ি আহিছে গাখীৰ উৎপাদন কাৰ্যৰ বাবে।

ওন্দোলাঝাৰ বহুমুখী মহিলা সমবায় সমিতি লিমিটেড নামৰ সমিতি খনে ২৯ বছৰে কাম কৰি অহাৰ পিছত ২০২২বৰ্ষত আমুল কোম্পানী লগত আলোচনা কৰি আৰম্ভ কৰে এক গাখীৰ শীতলীকৰণ প্ৰকল্প, য'ত পাচ হাজাৰ লিটাৰ গাখীৰ ৰখাৰ সুবিধা আছে।

বুধবাৰে এই ওন্দোলাঝাৰ বহুমুখী মহিলা সমবায় সমিতি লিমিটেডৰ গাখীৰ শীতলীকৰণ প্ৰকল্প প্ৰথম প্ৰতিষ্ঠা দিৱস পালন কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত সভাত উপস্থিত থাকে দৰং জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া মানস দাস, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস লগতে বহু সংখ্যক লোক।

সভাখন পৰিচালনা কৰে খাটনিয়া পাৰা পঞ্চায়তৰ সভানেত্ৰী তথা বিশিষ্ট সমাজ সেৱিকা অনীতা ৰাজবংশীয়ে। সভাত মহিলাৰ দ্বাৰা গঠিত সমবায় সমিতি খনে এনে এতি কাম কৰি সমাজৰ মহিলা সকলক স্বাৱলম্বী হোৱাত সহায় কৰা বাবে উদ্যোক্তা সকলক ধন্যবাদ জনায়, লগতে আৰু আগবাঢ়ি যাৱলৈ উৎসাহিত কৰে।

ওন্দোলাঝাৰ বহুমুখী মহিলা সমবায় সমিতিৰ গাখীৰ শীতলীকৰণ প্ৰকল্পৰ জৰিয়তে অঞ্চলৰ গাই পালক সকলৰ পৰা সংগ্ৰহ কৰি প্ৰতিদিনে ২০০০ লিটাৰ কৈ গাখীৰ গুৱাহাটীস্থ আমুল কোম্পানী দি আহিছে। ভবিষ্যতে এই পৰিমাণ বৃদ্ধি কৰিবলৈ সমিতি খনে চেষ্টা অব্যাহত ৰাখিছে।

ওন্দোলাঝাৰৰ এজাক মহিলাই দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন
নিশা মালিগাঁৱ উৰণীয়া সেঁতুৰ তলত মুখ্যমন্ত্ৰীঃ ঠিকাদাৰ, অভিযন্তাক দিলে নিৰ্দেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in