মঙলদৈত 'সঙ্গীত জ্যোতি' উপাধি প্রদান সংগীত পৰিচালক জিতু-তপনক...

দুটি কালজয়ী গীত 'অসমীৰে চোতালতে' আৰু ‘মোৰ দৃষ্টিত’ গীতৰ সংগীত পৰিচালকদ্বয় জিতু-তপনক দেওবাৰে মঙলদৈত 'সঙ্গীত জ্যোতি' উপাধি প্রদান কৰা হয়

author-image
Asomiya Pratidin
New Update
মঙলদৈত 'সঙ্গীত জ্যোতি' উপাধি প্রদান সংগীত পৰিচালক জিতু-তপনক...

ডিজিটেল সংবাদ, মঙলদৈ : মহান গায়ক মহম্মদ ৰফীয়ে কণ্ঠদান কৰা আৰু নুৰুল হকে ৰচনা কৰা দুটি কালজয়ী গীত 'অসমীৰে চোতালতে' আৰু ‘মোৰ দৃষ্টিত’ গীতৰ সংগীত পৰিচালকদ্বয় জিতু-তপনক দেওবাৰে মঙলদৈত 'সঙ্গীত জ্যোতি' উপাধি প্রদান কৰা হয়।

বাৰেৰহণীয় সাংস্কৃতিক মঞ্চ, মঙলদৈ জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহৰ গজেন্দ্ৰ নাথ শালৈ সোঁৱৰণী মঞ্চত 'মানৱ আৰু দানৱ', 'কাঁচঘৰ', 'মুক্তি', 'নয়নমণি'কে ধৰি ১৪ খন অসমীয়া বোলছবি, ৩৭খন হিন্দী বোলছবিৰ লগতে কেইবাখনো বঙালী, ভোজপুৰী, গুজৰাটী আঞ্চলিক ভাষাৰ বোলছবি, দূৰদৰ্শনৰ ধাৰাবাহিক, টেলিফিল্ম, ডকুমেন্টৰী, ভিডিঅ' ছবি আৰু এলবামত সুৰাৰোপণ কৰা এই জনপ্ৰিয় সংগীত যুটীক 'সংগীত জ্যোতি' সন্মান প্ৰদান কৰে।

অনুষ্ঠানত বিশিষ্ট গীতিকাৰ ইদ্ৰিছ আলী, উদ্যোগপতি মুকুল চন্দ্ৰ ডেকা, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, সংগীত পৰিচালক ৰূপম তালুকদাৰ, শিল্পী তৃষ্ণা দেৱী, শিল্পী ডাঃ দেৱজিত বৰা, বাৰেৰহণীয় সাংস্কৃতিক মঞ্চৰ সভাপতি ডাঃ মৃন্ময় কুমাৰ নাথ, প্ৰধান সম্পাদিকা নিৰ্মালী ভট্টাচাৰ্য, সম্পাদক মানব প্ৰতীম দাস, বসন্ত শইকীয়া আদিয়ে জিতু-তপন যুটীক চেলেং, স্মাৰক, অংগ বস্ত্ৰ আদিৰে সন্মানিত কৰে।

এনে সন্মান প্ৰাপ্তিৰ আনন্দত 'জীৱন ঘড়ীৰ প্ৰতিটো পল’, ‘কেতিয়াবা মোৰ নিজকে ইমান অসহায় যেন লাগে' আদি হাজাৰটা জনপ্ৰিয় গীতৰ স্ৰষ্টা এই জনপ্ৰিয় যুটীয়ে মঞ্চতে চকুলো বোৱাই দিয়ে।

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, লতা মংগেশকাৰ, কিশোৰ কুমাৰ, মহম্মদ ৰফী, হছৰত জয়পুৰী, ইন্দিবৰ, ডঃ নিৰ্মল প্ৰভা বৰদলৈ, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, কুমাৰ চানু, উদিত নাৰায়ণ, অলকা য়াগনিককে ধৰি দেশৰ প্ৰায়বোৰ আগশাৰীৰ গায়ক আৰু গীতিকাৰৰ সৈতে কাম কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰি তপনে কয়, মহম্মদ ৰফীৰ ব্যক্তিত্ব সঁচাই তুলনাবিহীন।

যোৰহাটলৈ আহি মাত্ৰ দুঘন্টাৰ ভিতৰতে আখৰা কৰি 'অসমীৰে চোতালতে' শীৰ্ষক জনপ্ৰিয় গীতটো প্ৰায় ৪০ হাজাৰ জনসাধাৰণৰ সন্মুখত মহম্মদ ৰফীয়ে পৰিবেশন কৰাৰ স্মৃতি সোঁৱৰণ কৰি এই সংগীত যুটীটোৱে কয়, এজন ভাল শিল্পী হ'বলৈ প্ৰথমে এজন ভাল মানুহ হ'ব লাগিব। সংগীত যুটীটোৱে গুৰু শ্যাম সুন্দৰ চক্ৰৱৰ্তী আৰু যোৰহাট সংগীত বিদ্যালয়ৰ কথাও স্মৰণ কৰে।

'মঙলদৈবাসীয়ে আজি যি সন্মান প্ৰদান কৰিলে সেয়া কেতিয়াও পাহৰিব নোৱাৰিম' বুলি উল্লেখ কৰি কয়, এই প্ৰাপ্তিয়ে আমাক ন উদ্যম আনি দিলে।

উল্লেখ্য যে, বাৰেৰহণীয়া সাংস্কৃতিক মঞ্চ অসমৰ উদ্যোগত দেওবাৰে সদৌ অসম ভিত্তিত অনুষ্ঠিত হয় অসমীয়া গীতৰ অনন্য প্ৰতিযোগিতা 'সুৰৰ এদিন'। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ২৮ জন প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতা নিশা ৯ বজাত সামৰণি পৰে।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ড্ৰিমলী কাশ্যপক ৰিপোজ ট্ৰফী আৰু ১০ হাজাৰ টকা, দ্বিতীয় অদিতি বৰাক গজেন্দ্ৰ নাথ ডেকা আৰু পুষ্পা ডেকা সোঁৱৰণী ট্ৰফী আৰু ৯ হাজাৰ টকা, তৃতীয় হৃদয়ানন্দ নাথক প্ৰবোধ চন্দ্ৰ বৰা আৰু কৃষ্ণা বৰা সোঁৱৰণী ট্ৰফী আৰু ৮ হাজাৰ টকা, চতুৰ্থ অংকুৰ শৰ্মাক ললিত চন্দ্ৰ মেধি আৰু সুৰত জামাল সোঁৱৰণী ট্ৰফী আৰু ৭ হাজাৰ টকা, পঞ্চম জোনাক নিবিড় কাশ্যপক কিৰণ দেৱী আৰু হৰিপ্ৰিয়া হাজৰিকা সোঁৱৰণী ট্ৰফী আৰু ৬ হাজাৰ টকা প্ৰদান কৰা হয়।

ষষ্ঠ নিতুল ডেকাক চিন্তাৰাম বৰা আৰু কামেশ্বৰী বৰা সোঁৱৰণী ট্ৰফী আৰু ৫ হাজাৰ টকা, সপ্তম অলকানন্দা ভূঞাক প্ৰভাত চন্দ্ৰ ভট্টাচাৰ্য সোঁৱৰণী ট্ৰফী আৰু ৪ হাজাৰ টকা, অষ্টম ৰিশিতা সাহাক ৰমণী ডেকা সোঁৱৰণী ট্ৰফী আৰু তিনি হাজাৰ টকা, নৱম স্থানপ্ৰাপ্ত নয়নিতা দাসক দণ্ডিৰাম ডেকা আৰু তুভূকী ডেকা সোঁৱৰণী ট্ৰফী আৰু দুহেজাৰ টকা আৰু দশম স্থানপ্ৰাপ্ত চৈয়দ চাবিৰ আহমেদক চমক ডেকা সোঁৱৰণী ট্ৰফী আৰু নগদ এহেজাৰ টকা প্ৰদান কৰা হয়।

এই অনুষ্ঠানত ডাঃ মৃন্ময় কুমাৰ নাথৰ গীতৰ সংকলন 'দৃষ্টি নন্দিনী' আৰু ঘন হাজৰিকা আৰু হেঙুল জ্যোতি শালৈ সম্পাদিত 'স্মৰণিকা' জিতু -তপনে উন্মোচন কৰে।

assam mangaldoi award function