ডিজিটেল সংবাদ, শিলচৰঃ মণিপুৰৰ জিৰিবামৰ পৰা অপহৃত এজন খেতিয়কক কাছাৰত উদ্ধাৰ। খেতিয়ক জনক মঙলবাৰে কাছাৰৰ জিৰিঘাট এলেকাৰ কাপাখালৰ পৰা অপহৰণ কৰিছিল দুষ্কৃতি কাৰীয়ে। অপহৃত খেতিয়ক জনৰ নাম ম: ছাইয়ুৰ উদ্দিন । তেওৰ ঘৰ জিৰিবামৰ পচিম কাশিমপুৰ বালিজুৰিত।
খবৰ পোৱাৰ পিচত কাছাৰ আৰু মনিপুৰ আৰক্ষীয়ে দুয়ো ৰাজ্যৰ সীমান্তত অভিযান চলায়। অভিযান কালত খেতিয়ক জনক জিৰিঘাটৰ বাঘখালৰ পৰা উদ্ধাৰ কৰে কাছাৰ আৰক্ষীয়ে। খেতিয়ক জনক সো শৰীৰে উদ্ধাৰ কৰা হ'লেও অপহৃতৰ কোনো সন্ধান নাপালে আৰক্ষীয়ে।
আন্ধাৰ আৰু দুৰ্গম পাহাৰীয়া ঠাইৰ সুবিধা লৈ পলায়ণ কৰে অপহৰণ কাৰী। অপহৰণ কাৰীৰ সন্ধানত অসম আৰু মনিপুৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। উদ্ধাৰ হোৱা ব্যক্তি জনক বৰ্তমান জিৰিঘাট থানাত সোধা পোছা কৰি থকা হৈছে। লগতে পৰিয়ালৰ লোককো খবৰ দিয়া হৈছে। এই সংক্ৰান্তত জিৰিঘাট থানাত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।