নেমকেয়াৰৰ ভেন্টিলেশ্যন ছাপোৰ্টত মনজিৎ মহন্ত

অধিক অৱনতি ঘটিছে বিশিষ্ট সাংবাদিক তথা বিৰোধী দল কংগ্ৰেছৰ মিডিয়া কোষৰ আহ্বায়ক মনজিৎ মহন্তৰ স্বাস্থ্যৰ।

author-image
Asomiya Pratidin
New Update
নেমকেয়াৰৰ ভেন্টিলেশ্যন ছাপোৰ্টত মনজিৎ মহন্ত

ডিজিটেল ডেস্কঃ অধিক অৱনতি ঘটিছে বিশিষ্ট সাংবাদিক তথা বিৰোধী দল কংগ্ৰেছৰ মিডিয়া কোষৰ আহ্বায়ক মনজিৎ মহন্তৰ স্বাস্থ্যৰ। এসপ্তাহৰ পূৰ্বে নেমকেয়াৰ চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ত চিকিৎসাধীন হোৱা মহন্তৰ কালি পুৱাৰ ভাগত হৃদক্ৰিয়াৰ সাময়িক বিজুতি ঘটাত তেওঁক জৰুৰীভাৱে এমচিইউত ভৰ্তি কৰা হয়।

কিন্তু চেতনাহীন হৈ পৰা মহন্তৰ স্বাস্থ্যৰ উন্নতি নঘটাত পাছত তেওঁৰ ভেন্টিলেশ্যন চাপোৰ্টত ৰাখিব লগা হয়। শৰীৰৰ বিভিন্ন অংগৰ সঞ্চালন বন্ধপ্ৰায় হৈ যোৱাৰ ফলত বিভিন্ন ৰোগৰ চিকিৎসা প্ৰদানৰ ক্ষেত্ৰতো বিশেষ বাধাৰ সৃষ্টি হৈছে।

মঙলবাৰেও পৰিস্থিতিৰ কোনো উন্নতি ঘটা নাই। সেয়েহে এনে অৱস্থাত চিকিৎসালয় খনৰ চিকিৎসক সকলে তেওঁক সুস্থিৰ অৱস্থালৈ অনাৰ বাবে অপ্ৰাণ চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই।

ইফালে ইতিপূৰ্বেও ভালেকেইটা ৰোগত আক্ৰান্ত হৈ বিগত প্ৰায় ৫ মাহ কাল বিভিন্ন ৰোগক চিকিৎসাত খৰস্বান্ত হৈ থকা মনজিৎ মহন্তৰ পৰিয়াল সাম্প্ৰতিক সময়ত তীব্ৰ অৰ্থ সংকটত পৰা বুলিও জানিব পৰা গৈছে। কিয়নো বিগত সপ্তাহটোতেই তেওঁৰ চিকিৎসাৰ নামত ব্যয় কৰিব লগা হৈছে ৪ লক্ষাধিক টকা।

এনে অৱস্থাত পৰিয়ালৰলোকে কিদৰে অৰ্থৰ জোৰা মাৰিব সেই লৈ দুশ্চিন্তাত ভুগিছে। অৱশ্যে এই ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰত্যক্ষভাৱে তেওঁৰ চিকিৎসাৰ খা খবৰ ৰখাৰ উপৰিও বৰ্তমানলৈকে প্ৰায় ২ লাখ টকাৰ সহায় আগবঢ়াইছে। আজি তেওঁৰ সৈতে কথা পতাত তেওঁ জানিবলৈ দিয়ে যে চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰি তেওঁক সুস্থ কৰাৰ বাবে অনুৰোধ কৰাৰ উপৰিও কিস্তি হিচাপে হ'লেও সম্ভৱপৰ অধিক অৰ্থ তেওঁলোকে ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

বৰাই কয় যে, আমি মাঁথো তেওঁক সুস্থ হৈ ওলাই অহাতো কামনা কৰিছো আৰু ভগৱানকো প্ৰাৰ্থনা জনাইছো।

আনহাতে প্ৰাক্তন মুখ্য়মন্ত্ৰী প্ৰফুল্ল মহন্তৰ এসময়ৰ অতিকে ঘনিষ্ঠ আৰু ৰাজ্য চৰকাৰৰ জন সংযোগ বিভাগৰ এসময়ৰ উপ সঞ্চালক পৰ্যায়ৰ বিষয়া আছিল মনজিৎ মহন্ত। কিন্তু তেওঁৰ স্বাস্থ্যৰ বুজ ল'বলৈ চিকিৎসালত উপস্থিত হোৱা নাই অগপ দলৰেই নেতা তথা বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্ত অথবা চৰকাৰী প্ৰতিনিধি।

অৱশ্যে অসমীয়া প্ৰতিদিনৰ প্ৰতিষ্ঠা কালৰ সৈতে দীৰ্ঘকাল জড়িত হৈ থকা মনজিৎ মহন্তৰ খবৰ ল'বলৈ কালি চিকিৎসালয়খনলৈ ভালে কেইগৰাকী সাংবাদিক যায়।ইয়াৰ উপৰিও আজি সাদিন -প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা আৰু মহা প্ৰৱন্ধক মৃন্ময় দে চিকিৎসালয়খনত উপস্থিত হৈ এম চি ইউত মহন্তক দৰ্শন কৰে।

তেওঁলোকে চিকিৎসালয়খনৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাৰ সৈতেও মনজিৎ মহন্তৰ চিকিৎসা আৰু ইয়াৰ ব্যয় সন্দৰ্ভত আলোচনা কৰে আৰু সম্ভৱপৰ আৰ্থিক সহযোগিতাৰ আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি পৰিয়ালৰ সদস্য সকলৰ সৈতেও আলোচনা কৰে সাদিন প্ৰতিদিনৰ স্বত্বাধিকাৰ গৰাকীয়ে।

Also Read: কেলেংকাৰী উন্মোচিত কৰায়ে কাল হ’ল নেকি হাফিজুৰৰ...

nemcare hospital