মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বৰলুইতৰ খহনীয়া, গুৰুত্ব নাই চৰকাৰ তথা প্ৰশাসনৰ...

ইতিমধ্যে জিলাখনৰ কেৱল মালিৰ আলগা গাঁও পঞ্চায়ত এলেকাত প্ৰায় শতাধিক পৰিয়াল গৃহহীন হৈ পৰে

author-image
Asomiya Pratidin
New Update
মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বৰলুইতৰ খহনীয়া, গুৰুত্ব নাই চৰকাৰ তথা প্ৰশাসনৰ...

mankachar erosion

ডিজিটেল সংবাদ, মানকাচৰ : উল্লেখযোগ্য যে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মালিৰ আলগা গাঁও পঞ্চায়ত এলেকাৰ নেওৱাজেছপূৰ, বৰ্মনপাৰাত বৰলুইতে চলাইছে খহনীয়াৰ তাণ্ডৱ।

মালিৰ আলগা গাঁও পঞ্চায়তত খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰ, জিলা প্ৰশাসন তথা জনপ্ৰপতিনিধিয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। বৰলুইতত পানী বৃদ্ধি পোৱাৰ লগে লগে আৰম্ভ হয় খহনীয়া। ইতিমধ্যে জিলাখনৰ কেৱল মালিৰ আলগা গাঁও পঞ্চায়ত এলেকাত প্ৰায় শতাধিক পৰিয়াল গৃহহীন হৈ পৰে।

খহনীয়া বৃদ্ধি পালে ৰাইজে নিজাববীয়াকৈ খহনীয়া প্ৰতিৰোধৰ বাবে গছ ব্যৱহাৰ কৰে।ইফালে নিৰ্বাচন আহিলে ভোট বিচাৰি জনপ্ৰতিনিধিৰ আগমন ঘটে যদিও খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত জনপ্ৰতিনিধিয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। সাংসদ বদৰুদ্দিন আজমলেও অঞ্চলটোৰ খহনীয়াৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই।

উপায়হীন হৈ পঞ্চায়তখনৰ দুই শতাধিক লোকে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল'গান দি এখন বিশাল প্ৰতিবাদী সমদল উলিয়ায়। পঞ্চায়তখনৰ পৰা সমদল উপস্থিত হয় প্ৰায় দুই কিলোমিটাৰ নিলগত থকা হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দেশী জাতীয় জনগোষ্ঠীয় মঞ্চ অসমৰ উদ্ধোগত পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

বিভিন্ন শ্ল'গানেৰে উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে। তৎকালীনভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে খৰাং বতৰত স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্ত আৰু মুখ্যমন্ত্ৰীলৈ দুখনকৈ পৃথক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে।

assam erosion mankachar