ব'ল্ডাৰৰ গাড়ীত ড্ৰাগছ ৰপ্তানিৰ অভিযোগ উত্থাপন কৰা নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল...

ব'ল্ডাৰৰ গাড়ীয়েদি বাংলাদেশত ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগ তুলিছিল আম আদমী পাৰ্টিৰ এজন নেতাই
mankachar
mankachar
Published on
Updated on

ডিজিটেল সংবাদ, মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ সাহাপাৰায়েদি আমদানি আৰু ৰপ্তানি সংস্থাৰ জৰিয়তে ব'ল্ডাৰ ৰপ্তানি হোৱাৰ সময়ত ব'ল্ডাৰৰ গাড়ীয়েদি বাংলাদেশত ড্ৰাগছ সৰবৰাহ কৰা হয় বুলি আম আদমী পাৰ্টিৰ নেতা মোস্কাক মহাম্মদ মোকছেদুৰ হুছেইনে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

এই অভিযোগক লৈ মানকাচৰ আমদানি আৰু ৰপ্তানি সংস্থাৰ পৰা মানকাচৰ এক সংবাদমেলৰ আয়োজন কৰি আম আদমীৰ নেতাজনৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ তোলে। একেদৰে আম আদমীৰ নেতা জনৰ প্ৰতিদিনে ২০ গাড়ী ব'ল্ডাৰ বাংলাদেশ ৰপ্তানি হ'বলৈ নিদিলে এই ব'ল্ডাৰ ৰপ্তানিৰ ব্যৱসায় বন্ধ কৰি দিব বুলি ভাবুকি প্ৰদান কৰাৰো মানকাচৰ আমদানি আৰু ৰপ্তানি সংস্থাই দাবী কৰে।

ইতিমধ্যে মানকাচৰ থানাত আম আদমী পাৰ্টিৰ নেতাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে। আম আদমী পাৰ্টিৰ নেতা জনৰ এনে ভাবুকিৰ কল ৰেকৰ্ডিঙো পোহৰলৈ আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in