বিভিন্ন সমস্যা সমাধানৰ দাবীত হাটশিঙিমাৰীত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী...

অৰ্ধ শতাধিক দলীয় নেতা-কৰ্মী হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন সমস্যা সমাধানৰ দাবী তুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

author-image
Asomiya Pratidin
New Update
বিভিন্ন সমস্যা সমাধানৰ দাবীত হাটশিঙিমাৰীত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী...

mankachar protest

ডিজিটেল সংবাদ, মানকাচৰ : হাটশিঙিমাৰীত এ.আই.ইউ.ডি.এফৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলক প্ৰত্যক্ষভাৱে সমালোচনা কৰি শুকুৰবাৰে তৃণমূল কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি এ এছ এম জাহাঙ্গীৰৰ নেতৃত্বত অৰ্ধ শতাধিক দলীয় নেতা-কৰ্মী হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন সমস্যা সমাধানৰ দাবী তুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজ্যত সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰি তুলিছে। মানকাচৰ জিলা তৃণমূল কংগ্ৰেছে সকলো ধৰণৰ অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী উত্থাপন কৰাৰ উপৰিও জিলাখনৰ গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী প্ৰতিৰোধৰ দাবী তোলে। বৰ্তমানে জিলাখনৰ দক্ষিণ শালমাৰা সমষ্টিৰ হাজিৰহাট গাঁও পঞ্চায়ত এলেকাৰ পৰা মানকাচৰ সমষ্টিৰ কানাইমাৰা গাঁও পঞ্চায়তলৈ ব্ৰহ্মপুত্ৰই খহনীয়া চলাই থকাত ভাৰত-বাংলাদেশ সীমান্ত তথা জিলাখনৰ প্ৰতি চৰম ভাবুকি আহিছে।

এই অঞ্চলটোত ইতিমধ্যে হেজাৰ হেজাৰ বিঘা মাটি বৰলুইতৰ বুকুত বিলীন হৈ গৈছে। তৃণমূল কংগ্ৰেছৰ অভিযোগ, জিলাখনৰ উক্ত অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰে কেইবাটাও আঁচনিৰ জৰিয়তে কোটি কোটি টকা আৱণ্টন দিছে ঠিকেই, কিন্তু কামৰ দায়িত্ব লাভ কৰা বিভাগী বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰে কোনো এখনো কাম বিজ্ঞানসন্মতভাৱে নকৰি আৱণ্টিত ধনৰ সিংহভাগ ধন আত্মসাতহে কৰিছে।

ফলত জিলাখনত খহনীয়া প্ৰতিৰোধৰ নামত অহা প্ৰায় প্ৰতিটো আঁচনি বিফল হৈ বগাহাতীত পৰিণত হৈছে। ইফালে বৰলুইতত পানী হ্ৰাস পোৱাৰ সমান্তৰালভাৱে খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। খহনীয়া এইদৰে অব্যাহত থাকিলে অতি কম সময়ৰ ভিতৰত জিলাৰ সদৰ হাটশিঙিমাৰীৰ লগতে জিলাখন অসমৰ মানচিত্ৰৰ পৰা বিলুপ্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

এনে পৰিস্থিতিৰ মাজত এ.আই.ইউ.ডি.এফ দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ সমষ্টিখনৰ উন্নয়নৰ নামত কেৱল দোৱা কৰাৰহে অভিযোগ তুলি তৃণমূল কংগ্ৰেছে কয় যিকোনো সমস্যা সমাধান কৰিবলৈ দোৱা আৰু দাৱা দুয়োটাৰে প্ৰয়োজন আছে। কেৱল দোৱা দি বহ্মপুত্ৰৰ লগত খেল-ধেমালী কৰি সমস্যাৰ সমাধান নহয় বুলিও জিলা তৃণমূল কংগ্ৰেছে দাবী কৰি বিভিন্ন সমস্যা সামাধাৰ বাবে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

assam protest trinamul congress mankachar badaruddin ajmal