ডিজিটেল ডেস্ক : অসমীয়া বাপতি সাহোন বিহুৰ ভিতৰত ৰঙালী বিহু অন্যতম । এই বিহুৰ দ্বিতীয় দিনা অথবা এক ব'হাগৰ দিনা উদযাপন কৰা হয় মানুহ বিহু । ব'হাগ বিহুৰ প্ৰথম দিনা গৰু বিহু । অতীজৰে পৰাই অসমীয়া চহা সমাজত গো-ধনৰ স্থান বহু উৰ্ধত । কৃষিভিত্তিক সমাজখনত কেৱল হাল বাবলৈয়ে নহয় বৰং আন ক্ষেত্ৰসমূহতো গো-ধনৰ ব্যৱহাৰ পৰিলক্ষিত হোৱাৰ উপৰিও এই গো-ধনক নিজৰ সন্তানৰ দৰেই লালন-পালন কৰা দেখা যায় । সেয়ে মানুহ বিহুৰো পূৰ্বে উদযাপন কৰা হয় গৰু বিহুৰ ।
আনহাতে, ৰঙালী বিহুৰ দ্বিতীয় দিনা উদযাপন কৰা মানুহ বিহুত ৰাতিপুৱা গা-পা ধুই কনিষ্ঠজনে জ্যেষ্ঠজনৰ আশীৰ্বাদ লোৱাৰ প্ৰথা প্ৰচলিত । অসমীয়া বছৰটোৰ প্ৰথমটো দিনত পৰিয়ালৰ জ্যেষ্ঠজনে সমগ্ৰ বছৰটো কুশলে পাৰ হ'বলৈ আশীৰ্বাদ দিয়াৰ লগতে সেইদিনাই আপোনজনে বিহুৱান দি চেনেহ জনাই । ইয়াৰ সৈতেই অসমীয়া বছৰটোৰ প্ৰথমটো দিনত ৰাতিপুৱাৰ জলপান সাজ পৰিয়ালৰ সকলোৱে একেলগে খাই ডেকা-গাভৰু, কিশোৰ-কিশোৰী সকল বিহু মাৰিবলৈ অথবা মূলত: হুচৰি গাবলৈ যায় ।
নগৰীকৰণৰ বাবে বৰ্তমান সমাজত এই দৃশ্য সূলভ নহ'লেও একেবাৰে বিলুপ্ত হৈ যোৱা নাই এই প্ৰথা । আজিও গাঁৱে-ভূঞে চলি আহিছে এই পৰম্পৰা । অৱশ্যে গুৱাহাটী মহানগৰীত এই দৃশ্য বৰ বিশেষ দেখা নাযায় যদিও ভিন্ন স্থানত আয়োজন কৰা ৰঙালী বিহু উদযাপন স্থলী সমূহত পালন কৰা হয় এই প্ৰথা ।
নগৰ হওক অথবা চহৰ হওক, বিহু অসমীয়া ৰাইজৰ প্ৰাণৰো প্ৰাণ । কোনো প্ৰথা, কোনো নিয়ম হয়তো ব্যস্ত জীৱনৰ তাড়নাত বাদ পৰি গৈছে কোনো অঞ্চলত কিন্তু বিহু সদায়েই আমাৰ মনত, প্ৰাণত আৰু তেজত বৈ যাব চিৰদিনৰ বাবে ।