মাৰ্ঘৰিটা মহাবিদ্যালয়ৰ অধ্যাপক দিলীপ চুতীয়াৰ বিয়োগ

মাৰ্ঘৰিটা মহাবিদ্যালয়ৰ অধ্যাপক দিলীপ চুতীয়াৰ বিয়োগ
Published on
Updated on

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক দিলীপ চুতীয়াৰ(৫৭) শুকুৰবাৰে পুৱা ৫ বজাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। কিছুদিনৰ পৰা অসুস্থ হৈ থকা অধ্যাপক চুতীয়াৰ জন্ম হৈছিল ধেমাজিত ১৯৬৭ চনৰ ২এপ্ৰিলত। ১৯৯৩ চনত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বাণিজ্য বিভাগত প্ৰৱক্তা হিচাপে যোগদান কৰা চুতীয়া এজন কলা-সংস্কৃতিৰ ক্ষেত্ৰৰ আগৰণুৱা ব্যক্তি আছিল।

বিশেষকৈ সুকুমাৰ কলা, চিত্ৰ ভাস্কৰ্য আৰু অলংকৰণৰ দিশত প্ৰয়াত চুতীয়াই মহাবিদ্যালয়ৰ লগতে বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত নিজৰ প্ৰতিভা আৰু সেৱাৰ চানেকি ৰাখি থৈ গৈছে। মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ উন্নয়ণৰ দিশতো চুতীয়াৰ অৱদান আছিল অতুলনীয়। সেইদৰে বিগত বহুবছৰ মাৰ্ঘেৰিটা মহকুমাৰ নিৰ্বাচন সম্পৰ্কীয় কাম-কাজতো তেখেত দায়বদ্ধতাৰে জড়িত হৈ আছিল।

দিলীপ চুতীয়া বিয়োগৰ বাতৰিয়ে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ লগতে সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলত শোকৰ ছাঁ পৰিছে। পুৱা ৯-৩০ বজাত মাৰ্ঘেৰিটা মহাবিদ্যায়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীসকলে চুতীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এখন শোকসভা অনুষ্ঠিত কৰে। সভাত অধ্যক্ষ ড° অতনু কাকতি, শৈক্ষিক সমন্বয়ক ৰঞ্জিত পণ্ডিত, জেষ্ঠ অধ্যাপক যোগেন বৰাই দিলীপ চুতীয়াৰ কৰ্মৰাজি আৰু অৱদানত আলোকপাত কৰে। লগতে মহাবিদ্যালয় পৰিয়ালে দিলীপ চুতীয়াৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়াল তথা আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰে।

তেখেতৰ নশ্বৰ দেহ মহাবিদ্যালয়ত উপস্থিত হোৱাৰ পাছতে অধ্যক্ষ ড° অতনু কাকতি, শিক্ষক গোটৰ সভাপতি-সম্পাদক প্ৰমুখ্যে অধ্যাপক-অধ্যাপিকাসকল, কৰ্মচাৰীবৃন্দ, ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শেষ বিদায় জনায়। তেখেতৰ বিয়োগত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সংস্থা, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মাৰ্ঘেৰিটা আঞ্চলিক সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অধ্যাপক দিলীপ চুতীয়াৰ বিয়োগৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। প্ৰয়াত চুতীয়াই পিতৃ, পত্নীকে ধৰি পুত্ৰ-কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে। তেখেতৰ মৃত্যুত সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাৰ শৈক্ষিক সমাজত শোঁ‌কৰ ছাঁ‌ পৰিছে।

মাৰ্ঘৰিটা মহাবিদ্যালয়ৰ অধ্যাপক দিলীপ চুতীয়াৰ বিয়োগ
লংকাত অব্যাহত অবৈধ গৰুৰ সৰবৰাহ: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in