মথুৰাপুৰত শতাধিক গছপুলি ৰোপণেৰে জন্মদিন উদযাপন এটি শিশুৰ...

সকলোৰে বাবে নিজৰ জন্মদিনটো এটা বিশেষ দিন ৷ ওপজা দিনটো সকলোৱে প্ৰিয়জনৰ লগত থাকি উপভোগ কৰিব বিচাৰে

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰত শতাধিক গছপুলি ৰোপণেৰে জন্মদিন উদযাপন এটি শিশুৰ...

ডিজিটেল সংবাদ, চৰাইদেউঃ সকলোৰে বাবে নিজৰ জন্মদিনটো এটা বিশেষ দিন ৷ ওপজা দিনটো সকলোৱে প্ৰিয়জনৰ লগত থাকি উপভোগ কৰিব বিচাৰে ৷ কোনোবাই যদি ঘৰৰ পৰিয়ালৰ সৈতে সময় কটাব বিচাৰে, আন কোনোবাই আকৌ আকর্ষণীয় স্থানলৈ গৈ উদযাপন কৰিব বিচাৰে নিজৰ ওপজা দিনটো ৷

চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ এটি ১১বছৰীয়া শিশুৱে বিগত দহটা বছৰ ধৰি নিজৰ প্ৰতিটো ওপজা দিন ব্যতিক্ৰমী ভাবে পিতৃ-মাতৃ প্ৰয়াসত উদযাপন কৰি আহিছে৷ তাৰ ব্যতিক্ৰম নহ’ল এইবেলিও ৷ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ যুৱ-সংগঠক তথা সংবাদদাত প্ৰণৱ বৰগোহাঁই আৰু স্মৃতিৰেখা বৰগোহাঁই পুত্ৰ প্ৰদ্যুত বৰগোহাঁয়ে শনিবাৰে নিজৰ ১১ বছৰীয়া জন্মদিন পালন কৰে এক গছপুলি ৰোপণ কাৰ্যসূচীৰে ৷

কেতিয়াবা যদি কোনোবা বৃদ্ধাশ্ৰমত, কেতিয়াবা নামঘৰ, মন্দিৰ চৌহদত, আন কেতিয়াবা পদপথৰ দাঁতিত গছপুলি ৰোপণ কৰি প্ৰদ্যুতে উদযাপন কৰি আহিছে ওপজা দিন। মথুৰাপুৰ শংকৰদেৱে শিশু বিদ্যা নিকেতনৰ পঞ্চম শ্ৰেণীত অধ্যয়নত প্ৰদ্যুতে ১১ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি মথুৰাপুৰ চাহ বাগিচাৰ কৈলাস শিৱধাম মন্দিৰৰ চৌহদত শতাধিক সাঁচি পুলি আৰু তামোলৰ পুলি ৰোপণ কৰে ৷

এই কাৰ্যসূচীত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিতি থাকি প্ৰদ্যুতক শুভেচ্ছা জ্ঞাপন কৰে ৷ উল্লেখ যে, প্ৰদ্যুতৰ পিতৃ-মাতৃয়ে প্ৰতিটো ওপজা দিনতে গছপুলি উপহাৰ হিচাবে আগবঢ়াই প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা হ'বলৈ প্ৰেৰণা যোগাই আহিছে ৷ যাৰ বাবে প্ৰদ্যুতে নিজৰ জন্মদিনত বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰি এক আদৰ্শ গ্ৰহণ কৰিছে।

সাম্প্ৰতিক সময়ত ব্যাপক হাৰত সৃষ্টি হোৱা পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে গছপুলি ৰোপণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে বুলি বাৰুকৈ উপলব্ধি কৰিছে কণমানি প্ৰদ্যুতে৷ ভৱিষ্যতৰ সুৰক্ষাৰ প্ৰতি আমি এতিয়াই চিন্তা নকৰিলে ইয়াৰ পৰিণাম আমিয়েই ভুগিব লাগিব বুলি মত প্ৰদ্যুতৰ। তেওঁৰ সমনীয়া আৰু অন্যান্যসকলকো নিজৰ প্ৰতিটো জন্মদিনতে গছপুলি ৰোপণেৰে পৰিৱেশৰ ভাৰসাম্য বৰ্তাই ৰাখিবলৈ অনুৰোধ জনায় ৷ ধাৰাবাহিকভাৱে নিজৰ ওপজা দিনত গছপুলি ৰোপণ কৰা কাৰ্যক সকলোৱে প্ৰশংসা কৰাৰ লগতে হিয়া উজাৰি প্ৰদ্যুতক আশিস প্ৰদান কৰিছে ৷

Also Read: গোলাঘাটত কিশোৰীৰ দেহত জাপানীজ এনকেফেলাইটিছঃ আতংকিত গাঁওবাসী...

charaideo